নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীৰ বোনাছত অনুমোদন মোদী কেবিনেটৰ

এসপ্তাহৰ ভিতৰত বেংকত জমা হ’ব বোনাছৰ ধন

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ কেন্দ্রীয় কর্মচাৰীলৈ আন এক সুখবৰ৷ এল টি চি কেছ ভাউচাৰ আঁচনি আৰু স্পেচিয়েল ফেষ্টিভেল এডভান্সড আঁচনিৰ পাছত এইবাৰ কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীলৈ বোনাছত অনুমোদন জনালে কেন্দ্রীয় কেবিনেটে৷ কালি কেবিনেট বৈঠকত গ্রহণ কৰা সিদ্ধান্তৰ বিষয়ে সদৰী কৰে কেন্দ্রীয় মন্ত্রী প্রকাশ জাভাড়েকাৰে৷

কেন্দ্রীয় কেবিনেটে বোনাছত অনুমোদন জনাই এসপ্তাহৰ ভিতৰতে ৩,৭৩৭ কোটি টকা কেন্দ্রীয় কর্মচাৰীলৈ বেংক একাউণ্টযোগে হস্তান্তৰ কৰিব বুলি মন্ত্রী জাভাড়েকাৰে ঘোষণা কৰে৷ বিজয়া দশমীৰ পূর্বে এই বোনাছৰ এটা কিস্তি মুকলি হ’ব বুলি মন্ত্রীগৰাকীয়ে কয় যে অতি কমেও ৩০ লাখ নন–গেজেটেড কর্মচাৰীয়ে বোনাছ লাভ কৰিব৷

এইক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ বাণিজ্যিক সেৱা ৰে’লৱে, ডাক বিভাগ, ই পি এফ অ’, ই এছ আই চিকে ধৰি বিভিন্ন বিভাগৰ কর্মী লাভান্বিত হ’ব৷ উল্লিখিত বিভাগৰ কর্মচাৰীসকলৰ ভিতৰত উৎপাদিত লাভাংশৰ ২,৭৯১ কোটি টকা বোনাছ হিচাপে প্রদান কৰাৰ বিপৰীতে ১৩ লাখ কর্মচাৰীয়ে অনুৎপাদন সম্পর্কিত ৯৪৬ কোটি টকা লাভ কৰিব৷

এই ধন কর্মচাৰীৰ হাতত পৰাৰ লগে লগে বজাৰত চাহিদা বৃদ্ধি পাব৷ উল্লেখ্য যে দুটাকৈ ৰে’লৰ কর্মচাৰী সংস্থাই দুর্গাপূজাৰ পূর্বে বোনাছ নাপালে ৰে’ল অৱৰোধৰ হুংকাৰ দিছিল৷

You might also like