চন্দ্রপৃষ্ঠত অভিলাষী চিত্র প্রদর্শনীত অন্তর্ভুক্ত অসমৰ
নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ ভাৰতীয় শিপা আৰু বেদৰ অনুপ্রেৰণাৰে অংকিত চিত্র৷ ‘বেদাদীপিকা–এন ইলাষ্ট্রেচন অৱ ডুয়েলিটী’ শীর্ষক চিত্রখন প্রদর্শিত হ’ব মহাকাশত৷ পৃথিৱীৰ উপগ্রহ জোনবাইৰ বুকুত আয়োজিত অভিলাষী ‘চিত্র প্রদর্শনী’ৰ মূল গেলাৰীত অন্তর্ভুক্ত হোৱা এই চিত্রখন হৈছে প্রিয়ংকা দাস ৰাজকাকতিৰ৷ অসমৰ লগতে ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা প্রিয়ংকা দাস ৰাজকাকতি মহাকাশ বিজ্ঞানৰ গৱেষক ছাত্রী৷ অসমৰ জীয়ৰী, বর্তমান ফ্রান্সৰ নাগৰিক প্রিয়ংকা দাস ৰাজকাকতি মহাকাশ বিজ্ঞানীৰ উপৰি এগৰাকী চিত্রশিল্পী৷ ইউৰোপীয় স্পেচ এজেন্সীয়ে চন্দ্রত আয়োজন কৰা চিত্র প্রদর্শনীত অন্তর্ভুক্ত হৈ গৌৰৱ কঢ়িওৱা প্রিয়ংকা ফ্রান্সৰ ছুপাৰি’ ইউনিভার্ছিটীৰ মহাকাশ বিজ্ঞানৰ গৱেষক ছাত্রী৷
মন কৰিবলগীয়া যে ফর্বছ ইণ্ডিয়াৰ ২০২১ চনৰ ৩০ বছৰ বয়সৰ ভিতৰত প্রতিভাশালী ৩০গৰাকী যুৱক–যুৱতীৰ তালিকাতো স্থান পাইছে প্রিয়ংকাই৷ অধ্যয়নসূত্রে ফ্রান্সৰ নাগৰিক প্রিয়ংকাক তেওঁৰ যাত্রাত গৱেষণাৰত বিশ্ববিদ্যালয় আৰু ফ্রান্স চৰকাৰে সহযোগিতা আগবঢ়াইছে৷ অসমৰ মনোজ দাস আৰু অজন্তা বৰুৱা দাসৰ কন্যা প্রিয়ংকাই সৰুৰে পৰা দিল্লীত অধ্যয়ন কৰাৰ পাছত মহাকাশ বিজ্ঞানত গৱেষণাৰ বাবে ফ্রান্সলৈ যায়৷ তাতেই গৱেষণাত ব্রতী হৈ থকাৰ সমান্তৰালকৈ চিত্র কর্মতো প্রতিভা বিকশিত কৰিছে৷ উল্লেখ্য যে ইউৰোপীয় স্পেচ এজেন্সীৰ লুনাৰ লেণ্ডাৰ মিছনৰ সময়তে অভিনৱ চিত্র প্রদর্শনী অনুষ্ঠিত হ’ব৷ লুনাৰ লেণ্ডাৰ মিছনৰ জৰিয়তে চন্দ্রলৈ অত্যাধুনিক প্রযুক্তিসম্বলিত প্রকল্পৰ জৰিয়তে পৃথিৱীৰ পৰা চিত্রসমূহ প্রেৰণ কৰিব আৰু তাতে প্রদর্শিত হ’ব৷