নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমানুষিকঃ ৰেষ্টুৰেণ্টলৈ নৈশ আহাৰ খুৱাবলৈ নি কন্যাই জ্বলাই দিলে পিতৃক

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ শীতল মস্তিষ্কৰে পিতৃক হত্যা কৰা এক বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে চুবুৰীয়া ৰাজ্য কলকাতাত। নিশা ৰেষ্টুৰেণ্টত আহাৰ খাই পিতৃ-কন্যাই এখন পাৰ্কত বহে আৰু মদ্যপানৰ প্ৰতি আসক্ত পিতৃক পুনৰ মদ্যপান কৰোৱাই অচেতন অৱস্থাত জ্বলাই দিয়ে কন্যাই।

এই ঘটনা কালি নিশা কলকাতাৰ হুগলি নদীৰ পাৰৰ উত্তৰ বন্দৰ আৰক্ষী থানাৰ অন্তৰ্গত চান্দপাল ঘাটত সংঘটিত হয়। কন্যাৰ জিঘাংসাৰ বলি হোৱা পিতৃগৰাকী বিশ্বনাথ আধ্যা (৫৬) বুলি চিনাক্ত কৰা হৈছে। জুয়ে সম্পূৰ্ণ শৰীৰ পুৰি পেলোৱা লোকগৰাকীৰ ঘৰত খবৰ দিয়াত তেওঁৰ পুত্ৰই ভগ্নীলৈ সন্দেহৰ আঙুলি টোঁওৱাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কন্যা ৰূপী ঘাতক পিয়ালী আধ্যাক (২২)।

জেৰাৰ সময়ত কন্যা পিয়ালীয়ে পিতৃক হত্যা কৰাৰ কথা স্বীকাৰ কৰে। জেৰাত পিয়ালীয়ে স্বীকাৰ কৰে যে দেউতাকক নৈশভোজৰ বাবে ৰেষ্টুৰেণ্টলৈ লৈ গৈছিল। তাৰ পিছত তেওঁক টেক্সিত উঠাই চান্দপাল ঘাটলৈ নিয়ে। তাত মাতাল পিতৃক বেঞ্চ এখনত শুৱাই দিছিল আৰু কেৰাচিন ঢালি জ্বলাই দিছিল।

এই কাৰ্য তেওঁ পিতৃৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ পৰা মুক্তি পোৱাৰ উদ্দেশ্যে কৰা বুলিও উল্লেখ কৰে।

আৰক্ষীয়ে অৱশ্যে এয়া সা-সম্পত্তিজনিত এক হত্যাকাণ্ড বুলি প্ৰাথমিক অনুসন্ধানত পোৱা বুলি উল্লেখ কৰে। লগতে এই হত্যাকাণ্ড পৰিকল্পিত ৰূপত কৰা বুলি প্ৰকাশ কৰে।

উল্লেখ্য যে কলকাতাৰ ক্ৰিষ্টোফাৰ ৰোডৰ বাসিন্দা বিশ্বনাথৰ পৰিয়ালটো। বিশ্বনাথৰ পত্নী ইহসংসাৰত নাই আৰু কন্যাৰ বিবাহবিচ্ছেদ হোৱাৰ পিছত বিশ্বনাথে কন্যা-পুত্ৰসহ বাস কৰি আছিল উক্ত অঞ্চলত।

You might also like