নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুছলমানে টুপী বাদ দি তিলক লগাব লাগিব

উত্তৰপ্রদেশৰ এজন বিজেপি বিধায়কে মুছলিমৰ বিৰুদ্ধে ঘৃণণীয় মন্তব্য কৰি বিবাদত সোমাই পৰিছে। এটা ভিডিঅ’ত দেখা গৈছে দোমাৰিয়াগঞ্জৰ ৰাঘৱেন্দ্ৰ সিং নামৰ বিধায়কজনে কৈছে যে যদিহে তেওঁ এইবাৰো নিৰ্বাচিত হৈ আহে তেন্তে মুছলমানে গোলাকাৰ টুপী বাদ দি তিলক লগাব লাগিব। অৱশ্যে ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছত তেওঁ ইয়াৰ স্পষ্টীকৰণ দি ইছলামিক সন্ত্ৰাসবাদীৰ প্ৰসংগ টানি আনে। উল্লেখনীয় যে, এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত আৰক্ষীয়ে বিধায়কজনৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ণ কৰিছে। সিং হিন্দু যুৱ বাহিনীৰ উত্তৰ প্ৰদেশৰ দায়িত্ববাহী।

You might also like