নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিন্দু সংস্কৃতি–ঐতিহ্যৰে পৰিপূর্ণ ম্যানমাৰৰ ‘ক্ষুদ্র ভাৰত’

সুৱর্ণভূমিত ভাৰতীয় পৰম্পৰাৰ জয়গান

নিয়মীয়া বাৰ্তা, ২৯ জুনঃ ভাৰতীয় সভ্যতা–সংস্কৃতি আৰু ঐতিহ্যৰে পৰিপূর্ণ ম্যানমাৰৰ ‘জেয়াৱাডি’৷ এই জেয়াৱাডিক ম্যানমাৰৰ ক্ষুদ্র ভাৰত বুলি জনা যায়৷ ব্রিটিছ ঔপনিৱেশিক শাসনৰ কালছোৱাত ভাৰতৰ পৰা বৃহৎ পৰিমাণৰ লোক ম্যানমাৰলৈ গৈ উক্ত দেশখনত বসবাস কৰিছিল৷ ব্রিটিছে এই ভাৰতীয় লোকসকলক প্রশাসনিক আৰু আন শ্রমিক হিচাপে নিযুক্তি দিছিল৷ পিছলৈ এইসকল ভাৰতীয় লোকে দেশখনত থাকি নিজৰ ভাষা–সাহিত্য, সংস্কৃতি আৰু ধর্মীয় পৰম্পৰা বর্তাই ৰাখি আহিছে৷

ভাৰত আৰু ম্যানমাৰৰ মাজত থকা সাংস্কৃতিক সম্পর্কৰ বাবে দুই দেশৰ মাজত সাজ–পোছাক আৰু ধর্মীয় পৰম্পৰাৰ মাজতো অনেক মিল দেখা যায়৷ দেশখনৰ পূর্বৰ ৰাজধানী য়েংগুনৰ পৰা মাত্র চাৰে তিনি ঘণ্টা যাত্রাৰ পিছত এই ক্ষুদ্র ভাৰতৰ ঐতিহ্য প্রত্যক্ষ কৰিব পাৰি৷ সুৱর্ণভূমি বুলি জনাজাত ম্যানমাৰত নিযুক্তি আৰু বাণিজ্যৰ অপাৰ সুযোগ থকাৰ বাবেই ভাৰতীয় লোকসকলে ব্রিটিছ শাসন শেষ হোৱাৰ পিছতো তাতেই থাকিবলৈ লয়৷ ম্যানমাৰ–ভাৰতীয় বুলি পৰিচিত এইসকল লোকে গভীৰ বনাঞ্চলক কৃষিভূমি হিচাপে পৰিণত কৰি জীৱিকা বর্তাই আছে৷

ভাৰতীয় সংস্কৃতি, ভাৰতীয় মন্দিৰৰ ঐতিহ্য, সংগঠন আৰু ভাৰতীয় পৰম্পৰাগত খাদ্য, সাজ–পোছাকৰ অনেক বিপণী দেশখনৰ প্রান্তে প্রান্তে উজলি আছে৷ ক্ষুদ্র ভাৰতত অতি উলহ–মালহেৰে হ’লী, দীপাৱলী উদ্যাপন চলি আহিছে যদিও বিহাৰ আৰু উত্তৰ প্রদেশৰ পৰা প্রব্রজন কৰা লোকসকলে পৱিত্র ষট্ পূজা উলহ–মালহেৰে উদ্যাপন কৰে৷ আর্য সমাজ আৰু সনাতন ধর্ম স্বয়মসেৱক সংঘই দেশখনত ভাৰতীয় সংস্কৃতি হিন্দী ভাষাক প্রচাৰ কৰি আহিছে৷

You might also like