নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ স্থলসেনাৰ মুৰব্বী জেনেৰেল এম এম নাৰাৱানেক চীফ অৱ ষ্টাফ কমিটীৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে৷ স্মর্তব্য যে যোৱা ৮ ডিচেম্বৰত শোকাৱহ হেলিকপ্ঢাৰ দুর্ঘটনাত দেশৰ প্রথমগৰাকী চিডিএছ জেনেৰেল বিপিন ৰাৱাটৰ দেহাৱসান ঘটাৰ পিছৰে পৰা চিডিএছৰ পদটো খালী হৈ আছিল৷ কালি জেনেৰেল নাৰাৱানে চীফ অৱ ষ্টাফ কমিটীৰ (চি’এছচি) অধ্যক্ষৰ দায়িত্ব আনুষ্ঠানিকভাৱে গ্রহণ কৰে৷ লক্ষণীয়ভাৱে তিনিওটা সশস্ত্র বাহিনীৰ মুৰব্বীক লৈ গঠিত এই কমিটীয়ে কালি জেনেৰেল ৰাৱাট তথা অন্য ১৩গৰাকী লোকৰ মৃত্যুত গভীৰ শোক প্রকাশো কৰে৷ অৱশ্যে এতিয়াও দেশৰ সর্বাধিনায়ক (চিডিএছ)ৰ পদবীত কোনো সেনা বিষয়ববীয়াক নিয়োগ কৰা হোৱা নাই৷