নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ ৪৪ শিক্ষকলৈ ৰাষ্ট্রীয় শিক্ষক বঁটা

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি দেওবাৰে ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে দেশৰ ৪৪গৰাকী শিক্ষকক ৰাষ্ট্রীয় শিক্ষক বঁটাৰে সন্মানিত কৰে৷ শিক্ষণ ক্ষেত্রত ন ন উদ্ভাৱনী ব্যৱস্থা প্রণয়নৰ ক্ষেত্রত আগবঢ়োৱা অৰিহণাৰ বাবে এই শিক্ষকসকলক ৰাষ্ট্রীয় শিক্ষক বঁটাৰে সন্মানিত কৰা হৈছে৷

ৰাষ্ট্রীয় বঁটাৰে সন্মানিত হোৱা শিক্ষসকলে কেৱল স্কুলীয়া শিক্ষাৰ মান উন্নয়নতেই সেৱা আগবঢ়োৱা নাই, ছাত্র–ছাত্রীসকলৰ জীৱন আলোকমুখী কৰি তোলাৰ ক্ষেত্রত বিশেষ অৰিহণা যোগাই আহিছে৷

লক্ষণীয়ভাৱে অসমৰ দুগৰাকী শিক্ষকলৈ  আগবঢ়োৱা হৈছে ৰাষ্ট্রীয় শিক্ষক বঁটা৷ এই শিক্ষক দুগৰাকী হৈছে– বামুণপুখুৰী হাইস্কুলৰ শিক্ষক কংকণ কিশোৰ দত্ত আৰু বাক্সাৰ কেবি দেউলকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিনন্দ স্বর্গীয়াৰী৷ উত্তৰ–পূর্বাঞ্চলৰ মুঠ ৮গৰাকী শিক্ষকলৈ আগবঢ়োৱা হৈছে ৰাষ্ট্রীয় শিক্ষক বঁটা৷ অসমৰ দুগৰাকী শিক্ষকৰ উপৰি ছিকিমৰ দুগৰাকী, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্রিপুৰাৰ একোগৰাকী শিক্ষকলৈ আগবঢ়োৱা হৈছে এই বঁটা৷ উল্লেখনীয় যে ৰাষ্ট্রপতি কোৱিন্দে এক অনলাইন কার্যসূচীৰে শিক্ষকসকলক আজি ৰাষ্ট্রীয় বঁটাৰে সন্মানিত কৰে৷ প্রতিটো শিশুৰ বিভিন্ন ক্ষেত্রত সক্ষমতা তথা মেধা থকা বুলি উল্লেখ কৰি ৰাষ্ট্রপতি কোৱিন্দে  এই ৰাষ্ট্রীয় শিক্ষক বঁটা প্রদান অনুষ্ঠানত উল্লেখ কৰে যে শিক্ষকসকলে শিক্ষার্থীৰ সকলো ধৰণৰ উন্নয়নত গুৰুত্ব প্রদান কৰা উচিত৷

স্মর্তব্য যে ১৯৫৮ চনত শিক্ষকসকলক ৰাষ্ট্রীয় বঁটা প্রদান কৰাৰ ব্যৱস্থা আৰম্ভ কৰা হৈছিল৷ এই বঁটাৰ জৰিয়তে শিক্ষকসকলৰ শিক্ষণ ক্ষেত্রত সেৱা আৰু অৰিহণাৰ স্বীকৃতি প্রদান কৰি অহা হৈছে৷ ৬০ৰ দশকৰ মাজভাগৰ পৰা দেশৰ প্রাক্তন ৰাষ্ট্রপতি তথা বিশিষ্ট শিক্ষাবিদ সর্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন ৫ ছেপ্ঢেম্বৰৰ দিনাখন এই ৰাষ্ট্রীয় শিক্ষক বঁটা প্রদান কৰাৰ ব্যৱস্থা গ্রহণ কৰা হয়৷

You might also like