ড্রাগছ মাফিয়াৰে ৰিয়াৰ সম্পর্কৰ তদন্ত কৰিব এনচিবিয়ে
নিয়মীয়া বাৰ্তা, ২৭ আগষ্টঃ বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআয়ে ক্ষিপ্রতৰ কৰি তোলাত ন ন তথ্য পোহৰলৈ আহিছে৷ আজি ষষ্ঠ দিনত চিবিআয়ে অভিনেতাগৰাকীৰ মৰণোত্তৰ পৰীক্ষা কৰা কুপাৰ হাস্পতাল কর্তৃপক্ষলৈ চমন জাৰি কৰে৷ অভিনেতা সুশান্তৰ গার্লফ্রেণ্ড ৰিয়া চক্রৱর্তীক কিয় মৰণোত্তৰ পৰীক্ষাৰ সময়ত উপস্থিত থাকিবলৈ অনুমতি দিছিল, সেই সন্দর্ভত চিবিআয়ে চমন জাৰি কৰিছে৷
ইপিনে ডুবাইৰ ড্রাগছ মাফিয়াৰ সৈতে ৰিয়া চক্রৱর্তীৰ সম্পর্কৰ বিষয়টো নার্কটিকছ কণ্ড্র’ল ব্যুৰ’ চমুকৈ এনচিবিয়ে তদন্ত কৰিব৷ হোৱাটছএপত ৰিয়া চক্রৱর্তী আৰু ড্রাগছ মাফিয়াৰ বার্তাক লৈও তদন্ত চলাব এনচিবিয়ে৷ গুৰুত্বপূর্ণ যে এনফ’চমেণ্ট ডিৰেক্টৰেটে এনচিবিলৈ লিখা পত্রৰ আধাৰত আজি অভিনেতা সুশান্তৰ মৃত্যুৰ গোচৰটো ড্রাগছৰ সৈতে সম্পর্কক লৈও তদন্তৰ বাবে গোচৰ ৰুজু কৰিছে এনচিবিয়ে৷ এনচিবিৰ দলে অলপতে মুম্বাই আৰু পুনেত গ্রেপ্তাৰ কৰা ড্রাগছ ব্যৱসায়ীকো সোধা–পোছা কৰিব৷ এনচিবিৰ মুৰব্বী ৰাকেশ আস্থানাই প্রকাশ কৰা মতে ইডিৰ পত্রৰ ভিত্তিত তেওঁলোকে গোচৰ ৰুজু কৰিছে৷
এনডিপিএছ আইনৰ অধীনত গোচৰ ৰুজু কৰাৰ পিছত সংস্থাটোৱে শীঘ্রেই অনুসন্ধান আৰু ইয়াৰ লগত জড়িত লোকসকল সোধা–পোছা কৰিব৷ এনচিবি সূত্রত প্রকাশ পোৱা মতে সংস্থাটোৱে ৰিয়া চক্রৱর্তী, সুশান্ত সিং ৰাজপুত আৰু ৰিয়াৰ ভাতৃ সৌৱিক চক্রৱর্তীৰ কল ডিটেইল অনুসন্ধান কৰিব৷ উল্লেখ্য যে অভিনেতা সুশান্তৰ মৃতদেহ ৰখা মর্গত ৰিয়া চক্রৱর্তীৰ উপস্থিতিক লৈ মহাৰাষ্ট্র মানৱ অধিকাৰ আয়োগে মুম্বাই আৰক্ষী আৰু ব্রিহান মুম্বাই পৌৰ নিগম কর্তৃপক্ষক বিষয়টো সন্দর্ভত বিতং তথ্য বিচাৰি জাননী জাৰি কৰিছে৷ তাৎপর্যপূর্ণ যে যোৱা ১৪ জুনত মুম্বাইৰ বান্দ্রাস্থিত ফ্লেটত অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুক লৈ ইডি আৰু চিবিআয়ে গোচৰ ৰুজু তৰাৰ পিছত আজি এনচিবিয়েও গোচৰ ৰুজু কৰিছে৷