নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: উত্তৰ প্রদেশত ৩৫ কোটি টকাৰ এনচিইআৰটিৰ নকল ছপা গ্রন্থ উদ্ধাৰ কৰাৰ পিছত ৰাজ্যখনৰ আৰক্ষীয়ে বিজেপি নেতাৰ পুত্র এজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷ আৰক্ষীৰ বিশেষ টাস্ক ফ’চ (এছটিএফ)–এ মিৰাট জিলাত এই গ্রন্থসমূহ উদ্ধাৰ কৰাৰ লগতে ৬টা ছপা মেচিন জব্দ কৰে৷ বিজেপি নেতা সঞ্জীৱ গুপ্তাৰ পুত্র শচীন গুপ্তাই জিলাখনৰ মখামপুৰৰ প্রিণ্টিং মেচিনত উল্লিখিত গ্রন্থসমূহ ছপা কৰি পার্টাপুৰৰ গুদামত জমা কৰি ৰাখিছিল৷ আৰক্ষীয়ে বিশেষ সূত্রৰ পম খেদি এই গ্রন্থখিনি জব্দ কৰে আৰু এই ছপা কর্মৰ লগত জড়িত ১২জনক গ্রেপ্তাৰ কৰিছে৷ গুদাম আৰু প্রিণ্টিং প্রেছত অভিযান চলোৱাৰ পিছতেই বিজেপি নেতাৰ পুত্র শচীন গুপ্তাই পলায়ন কৰিছে৷
আৰক্ষীয়ে টেলিফোনযোগে শচীন গুপ্তাক এই সন্দর্ভত অৱগত কৰিছে৷ শচীন গুপ্তাই গ্রন্থ ছপোৱাৰ অনুমতি–পত্রসহ আৰক্ষীক সাক্ষাৎ কৰিব বুলি জনাইছে যদিও এতিয়ালৈকে আৰক্ষীক সাক্ষাৎ কৰা নাই৷ উল্লেখ্য যে এই গ্রন্থসমূহ উত্তৰ প্রদেশ, উত্তৰাখণ্ড, হাৰিয়ানা, দিল্লীত যোগান ধৰি আহিছে৷ গ্রন্থসমূহ মূলতঃ নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীৰ পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিতৰ৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, এই প্রিণ্টিং প্রেছত প্রায় ৩৬৪বিধ নকল এনচিইআৰটিৰ গ্রন্থ ছপোৱা হয়৷