নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন প্রার্থীক গুৰুত্ব চিপিআই(এম)ৰ, কেৰালাত টিকটবঞ্চিত ৩৮ বিধায়ক

নিয়মীয়া বাৰ্তা, ১১ মার্চঃ কেৰালাত প্রার্থী বাছনিক লৈ চিপিআই(এম)ৰ অভ্যন্তৰত সৃষ্টি হৈছে তীব্র ধুমুহা৷ শাসকীয় দলটোৱে কালি মুকলি কৰিছে প্রার্থী তালিকা৷ ৬ এপ্রিলত হ’বলগীয়া নির্বাচনৰ বাবে ঘোষণা কৰা প্রার্থীৰ তালিকাত বাদ পৰিছে পাঁচগৰাকী জ্যেষ্ঠ মন্ত্রী তথা ৩৩গৰাকী বিধায়ক৷

এই জ্যেষ্ঠ মন্ত্রীসকলৰ ভিতৰত আছে বিত্তমন্ত্রী থমাছ আইজাকো৷ লক্ষণীয়ভাৱে প্রার্থী বাছনিক লৈ দলটোৰ অভ্যন্তৰত অসন্তুষ্টিৰ সৃষ্টি হৈছে যদিও দলটোৰ শীর্ষ নেতৃত্বই এই অসন্তুষ্টিৰ শীঘ্রে অন্ত পৰিব বুলি ঘোষণা কৰিছে৷

দলটোৱে এইবাৰ বহু নতুন নেতাক প্রার্থী হিচাপে বাছনি কৰিছে৷ ইয়াৰ ভিতৰত ১২গৰাকী মহিলাও আছে৷ দলৰ ভাৰপ্রাপ্ত সম্পাদক এ বিজয়ৰাঘৱনে তিৰুৱনন্তপুৰমত সংবাদ মাধ্যমক জনাইছে যে ক্ষমতালৈ পুনৰ উভতি অহাৰ লক্ষ্যৰে বহু নতুন মুখক স্থান দিয়া হৈছে৷

উল্লেখনীয় যে ৮৫খন আসনৰ ভিতৰত দলটোৱে ৮৩খন আসনৰ বাবে প্রার্থী তালিকা ঘোষণা কৰিছে৷

You might also like