নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ অতি সংক্রামক নতুন ক’ৰোনাই ব্রিটেইনত সংক্রমণৰ সংহাৰ সৃষ্টি কৰা ঘটনাক লৈ বিশ্বজুৰি আতংক বিয়পি পৰাৰ সময়তে আমেৰিকাত অতি সংক্রামক ক’ৰোনাত আক্রান্ত হৈছে প্রথমগৰাকী লোক৷
লক্ষণীয়ভাৱে আমেৰিকাত মূল ক’ৰোনাতকৈ ৭০ গুণ অধিক ক্ষিপ্রতাৰে সংক্রমণ ঘটাব পৰা নতুন ক’ৰোনাত লোকজন আক্রান্ত হৈছে যদিও এই লোকজনৰ কোনোধৰণৰ ভ্রমণ বুৰঞ্জী নাই৷ গতিকে বিষয়টোক কেন্দ্র কৰি আমেৰিকাৰ বিশেষজ্ঞ চিকিৎসকসকলৰ মাজত সৃষ্টি হৈছে উদ্বেগ৷
আমেৰিকা ভ্রমণ কৰা কোনো ব্রিটিছ নাগৰিকৰ পৰা দেশখনলৈ ক’ৰোনাৰ সংক্রমণ ঘটা বুলি আশংকা কৰিছে চিকিৎসা বিজ্ঞানী ট্রেভ’ৰ বেডফ’র্ডে৷ নৱেম্বৰ নাইবা ডিচেম্বৰ মাহত এই নতুন ক’ৰোনাৰ সংক্রমণ আমেৰিকালৈ ঘটা বুলি ধাৰণা কৰিছে বিশেষজ্ঞ চিকিৎসকসকলে৷
আমেৰিকাত ইতিমধ্যে দুটাকৈ ক’ভিড ভেকচিন সমূহীয়াকৈ প্রদানৰ ব্যৱস্থা কৰা হৈছে যদিও গৃহভূমিৰ অভ্যন্তৰতে থকা লোক এজন নতুন ক’ৰোনাত আক্রান্ত হোৱাৰ পিছত চিকিৎসা বিজ্ঞানীসকলৰ বাবে এয়া এক চিন্তাৰ কাৰণ হৈ পৰিছে৷