নতুন প্রতিভাক সশস্ত্র বাহিনীত নিয়োগ কৰিব চীনে
নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ ভৱিষ্যতৰ যুদ্ধ জয়ৰ লক্ষ্যৰে সশস্ত্র বাহিনীৰ দ্রুত আধুনিকীকৰণৰ বাবেই চীনত নতুন প্রতিভাক নিযুক্তি দিয়াৰ পোষকতা কৰিছে ৰাষ্ট্রপতি ঝি জিনপিঙে৷ আজিৰ এই তৰুণ প্রতিভাৰ জৰিয়তে ভৱিষ্যতৰ যুদ্ধত চীনে জয়লাভ কৰিব লাগিব বুলিও ৰাষ্ট্রপতিগৰাকীয়ে মন্তব্য কৰিছে৷
উল্লেখনীয় যে চীনৰ সশস্ত্র বাহিনীক সমুখ সমৰৰ যোদ্ধা হিচাপে ৩ লাখ যুৱক–যুৱতীক নিযুক্ত কৰাৰ চিন্তা–চর্চা চলাইছে সামৰিক বাহিনীয়ে৷ চীনৰ সশস্ত্র বাহিনীৰ উন্নয়নৰ বাবে যিসকল তৰুণ–তৰুণীয়ে বিভিন্ন প্রযুক্তি ক্ষেত্রত কাম কৰি আছে আৰু যিসকলে সামৰিক প্রতিযোগিতাত বিজয় সাব্যস্ত কৰি প্রতিভাৰ উমান দিছে তেওঁলোক দেশৰ ভৱিষ্যতৰ যুদ্ধৰ অন্যতম যোদ্ধা হ’ব বুলি ঘোষণা কৰিছে ঝিয়ে৷ সামৰিক বাহিনী তথা চীনা কমিউনিষ্ট পার্টীৰ মুৰব্বী ৰাষ্ট্রপতি ঝি জিনপিঙে শেহতীয়াকৈ সামৰিক প্রতিভাৰ এক সন্মিলনত অংশগ্রহণ কৰি এই মন্তব্য কৰিছে৷
স্মর্তব্য যে চীনে শেহতীয়াকৈ অত্যাধুনিক সমৰাস্ত্র নির্মাণৰ বিষয়টোত অধিক গুৰুত্ব আৰোপ কৰিছে৷ আনকি আমেৰিকাৰ সেনাই দাবী কৰা অনুসৰি চীনে অলপতে দীর্ঘ দূৰত্বভেদী এক হাইপাৰছ’নিক ক্ষেপণাস্ত্রৰো পৰীক্ষা চলাইছিল৷ শব্দতকৈ পাঁচগুণ অধিক গতিবেগসম্পন্ন এই হাইপাৰছ’নিক ক্ষেপণাস্ত্রৰ সমগ্র বিশ্বত শত্রুপক্ষৰ বিৰুদ্ধে গৃহভূমিৰ পৰা যুদ্ধ কৰিবলৈ চীন সক্ষম হ’ব বুলি দাবী কৰা হৈছে৷ ৰাষ্ট্রপতি ঝি জিনপিঙে দেশখনৰ সেনা পি এল এত ব্যাপক সংস্কাৰৰ পোষকতা কৰি আহিছে৷ ইয়াৰ অংশ হিচাপে নতুন প্রতিভাক সশস্ত্র বাহিনীত নিযুক্ত কৰাৰ যুক্তি দর্শাই আহিছে ৰাষ্ট্রপতিগৰাকীয়ে৷ ঝি জিনপিঙৰ মতে ভৱিষ্যতৰ যুদ্ধ হ’ব প্রযুক্তিৰ যুদ্ধ৷ অত্যাধুনিক প্রযুক্তিৰ এই যুদ্ধত আজিৰ তৰুণ প্রতিভাবোৰ হ’ব অন্যতম সমল৷ ইয়াৰ ওপৰত নির্ভৰ কৰিয়েই ভৱিষ্যতৰ দিশলৈ চীনে যাত্রা কৰিব লাগিব বুলিও ৰাষ্ট্রপতিগৰাকীয়ে মন্তব্য কৰে৷