নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মার্চত মুকলি হ’ব নীতিশ কুমাৰৰ ‘নেচাৰ ছাফাৰি’

নিয়মীয়া বাৰ্তা ২১ ডিচেম্বৰঃ  বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰৰ সপোনৰ প্রকল্প ‘নেচাৰ ছাফাৰি’ আগন্তুক মার্চ মাহত আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব৷ ৰাজ্যখনত পর্যটকৰ আকর্ষণৰ স্থলী হিচাপে চিহ্ণিত ৰাজগীৰত ‘গ্লাছ ফ্ল’ৰ ব্রিজ’ হৈছে এই নেচাৰ ছাফাৰিৰ অন্যতম আকর্ষণ৷ কালি মুখ্যমন্ত্রীগৰাকীয়ে এই কাঁচৰ মজিয়াৰ দলং পৰিদর্শন কৰি ইয়াৰ কাম–কাজৰ বুজ লৈছে আৰু এই প্রকল্পৰ সৈতে জড়িত বিষয়ববীয়াসকলক কাম ক্ষিপ্রতৰভাৱে সম্পূর্ণ কৰিবলৈও নির্দেশ দিছে নীতিশ কুমাৰে৷

নেচাৰ ছাফাৰি পৰিদর্শনৰ সময়ত মুখ্যমন্ত্রীগৰাকীয়ে জীপ লাইন, জীপ বাইক আৰু মূল চৌহদৰো কাম–কাজৰ বুজ লয়৷ মুখ্যমন্ত্রীগৰাকীয়ে এই কাঁচৰ মজিয়াৰ দলং পৰিদর্শনৰ সময়ত মুখ্যমন্ত্রীগৰাকীৰ সৈতে উপস্থিত থাকে ৰাজ্যখনৰ মুখ্য সচিব দীপক কুমাৰ, মুখ্যমন্ত্রীৰ প্রিঞ্চিপাল সচিব চঞ্চল কুমাৰ, অ’এছডি গোপাল সিং, পাটনা ডিভিজনৰ কমিছনাৰ সঞ্জয় কুমাৰ আগৰৱালা, নালন্দাৰ উপায়ুক্ত তথা আৰক্ষী অধীক্ষক৷ নেচাৰ পার্ক নীতিশ কুমাৰৰ দীর্ঘদিনীয়া এক প্রকল্পৰ সংকল্প৷ কালি মুখ্যমন্ত্রীগৰাকীয়ে পার্কখনত জু ছাফাৰিও পৰিদর্শন কৰে৷

জু ছাফাৰিত নির্মাণ কৰা হৈছে অসুস্থ বন্যজন্তুবোৰক সুৰক্ষা প্রদান কৰাৰ বাবে কেবাটাও ঘৰ৷ যাত্রাকালত মুখ্যমন্ত্রী কুমাৰে সংবাদ সংস্থা পিটিআইৰ সৈতে বার্তালাপত এই প্রকল্পই পর্যটকসকলক মনোৰঞ্জন দিবলৈ সক্ষম হ’ব বুলিও উল্লেখ কৰিছে৷

You might also like