নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ বিশ্ব ব্রহ্মাণ্ডৰ অন্যতম বিস্ময়কৰ ‘কৃষ্ণগহ্বৰ’ আৱিষ্কাৰৰ বাবে ২০২০ বর্ষৰ পদার্থ বিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে তিনি বিজ্ঞানীলৈ৷ মঙলবাৰে ছুইডেনৰ ৰাজধানী ষ্টকহোমত ন’বেল কমিটীয়ে কৃষ্ণগহ্বৰ আৱিষ্কাৰৰ বাবে ব্রিটেইনৰ ৰ’জাৰ পেনৰ’জ, জার্মানীৰ ৰেইনহার্ড গেঞ্জেল আৰু আমেৰিকাৰ যুক্তৰাষ্ট্রৰ এণ্ড্রিয়া গেজলৈ ২০২০ বর্ষৰ পদার্থ বিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱা বুলি ঘোষণা কৰে৷ ন’বেল বঁটাটিত থকা ১০ নিযুত ছুইডিছ ক্র’নৰ আধা ধন লাভ কৰিব ৰ’জাৰ পেনৰ’জে আৰু বাকী আধা ধন ৰেইনহার্ড গেঞ্জেল আৰু এণ্ড্রিয়া গেজৰ মাজত ভগাই দিয়া হ’ব বুলি ন’বেল কমিটীয়ে প্রকাশ কৰিছে৷ কৃষ্ণগহ্বৰ আৱিষ্কাৰৰ বাবে ন’বেল বঁটা লাভ কৰা ৰ’জাৰ পেনৰ’জ হৈছে গ্রেট ব্রিটেইনৰ অক্সফ’ড বিশ্ববিদ্যালয়ৰ অধ্যাপক৷ অধ্যাপক পেনৰ’জে গৱেষণাত লাভ কৰা মতে আপেক্ষিকতাবাদৰ নেতৃত্বতেই কৃষ্ণগহ্বৰ গঠন হৈছে৷ আনপিনে ৰেইনহার্ড গেঞ্জেল আৰু এণ্ড্রিয়া গেজে তাৰকাৰাজ্যৰ কেন্দ্রত অদৃশ্য আৰু বিশালাকায় দৃঢ় বস্তুত এটাই প্রদক্ষিণ কৰি থকাটো আৱিষ্কাৰ কৰে৷ তিনিওগৰাকী বিজ্ঞানীয়ে বিশ্ব ব্রহ্মাণ্ডৰ বহুচর্চিত কৃষ্ণগহ্বৰ আৱিষ্কাৰ কৰাৰ বাবেই বিশ্বৰ সবাতোকৈ সন্মানীয় ন’বেল বঁটাৰে বিভূষিত হয়৷
উল্লেখ্য যে পদার্থ বিজ্ঞানৰ ন’বেল বিজয়ী ৰ’জাৰ পেনৰ’জে গ্রেট ব্রিটেইনৰ ক’লছেষ্টাৰত ১৯৩১ চনত জন্মলাভ কৰে৷ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ পৰা ১৯৫৭ চনত পিএইচডি লাভ কৰে আৰু পিছলৈ তাতেই অধ্যাপক হিচাপে কর্মৰত হয়৷ বিজ্ঞানী পেনৰ’জে ১৯৬৫ চনত মহান বিজ্ঞানী আইনষ্টাইনৰ মৃত্যুৰ ১০ বছৰ পিছত আপেক্ষিকতাবাদৰ ফলতেই কৃষ্ণগহ্বৰৰ সৃষ্টি হোৱা বুলি ধাৰণা কৰি গৱেষণাত জড়িত হয় আৰু অধ্যাপকগৰাকী অৱশেষত আপেক্ষিকতাবাদৰ ফলতেই কৃষ্ণগহ্বৰ গঠন হোৱা বুলি নিশ্চিত কৰে৷ আনপিনে বঁটা লাভ কৰা জার্মানীৰ বিজ্ঞানী ৰেইনহার্ড গেঞ্জেলে দেশখনৰ বেডহর্নবার্গত ১৯৫২ চনত জন্মলাভ কৰে আৰু দেশখনৰে বন বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি গ্রহণ কৰে৷ জার্মানীৰ গাৰচিঙৰ মেক্স প্লেংক ইনষ্টিটিউট ফ’ৰ এক্সট্রাটেৰেছট্রিয়েল ফিডিক্সৰ সঞ্চালক, কেলিফ’র্নিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপেও দায়িত্ব গ্রহণ কৰি আছে৷ তেনেদৰে আমেৰিকা যুক্তৰাষ্ট্রৰ নিউয়র্ক চহৰত ১৯৬৫ চনত জন্মগ্রহণ কৰা এণ্ড্রিয়া গেজে কেলিফ’র্নিয়া ইনষ্টিটিউট অৱ টেকন’লজীৰ পৰা ১৯৯২ চনত পিএইচডি গ্রহণ কৰে আৰু লছ এঞ্জেলছৰ কেলিফ’র্নিয়া বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কর্মৰত হয়৷ তাৎপর্যপূর্ণ যে এণ্ড্রিয়া গেজ হৈছে পদার্থ বিজ্ঞানত ন’বেল বঁটা লাভ কৰা চতুর্থগৰাকী মহিলা বিজ্ঞানী৷