নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রচণ্ড শীতপ্রৱাহৰ কবলত উত্তৰ ভাৰত

নিয়মীয়া বাৰ্তা ২১ ডিচেম্বৰঃ প্রচণ্ড শীত প্রৱাহৰ কবলত পৰিছে উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্য৷ আজি বতৰ বিজ্ঞান বিভাগে সদৰী কৰা অনুসৰি স্বাভাৱিক অৱস্থাতকৈ উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যত আগন্তুক এটা সপ্তাহ নিশাৰ তাপমাত্রা নিম্নগামী হৈ থাকিব৷ আগন্তুক ২৪ ডিচেম্বৰ পর্যন্ত উত্তৰ–পশ্চিম, মধ্য আৰু পূব ভাৰতত তাপমাত্রা ২ আৰু ৬ ডিগ্রী চেলছিয়াছৰ মাজত থাকিব৷ অর্থাৎ স্বাভাৱিক অৱস্থাতকৈ এইবাৰ শীতত তাপমাত্রা অভাৱনীয়ভাৱে নিম্নগামী হৈছে৷

সেইদৰে ২৪ৰ পৰা ৩০ ডিচেম্বৰৰ ভিতৰত মধ্য তথা পূব ভাৰত প্রচণ্ড শীতৰ কবলত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে সদৰী কৰিছে৷ জম্মু–কাশ্মীৰ, হিমাচল প্রদেশত অব্যাহত থাকিব ঘন তুষাৰপাত৷ ইয়াৰ প্রত্যক্ষ প্রভাৱ পৰিব পঞ্জাব, হাৰিয়ানা, দিল্লী আৰু উত্তৰ প্রদেশত৷

You might also like