বৃদ্ধি যৌন আতিশয্যঃ ‘হু’ৰ সমীক্ষা মতে প্রতি তিনি মহিলাৰ এগৰাকীয়েই নির্যাতিতা
নিয়মীয়া বাৰ্তা, ১১ মার্চঃ বিশ্বত প্রতি তিনিগৰাকী মহিলাৰ এগৰাকীয়ে জীৱনকালত শাৰীৰিক অথবা যৌন আতিশয্যৰ বলি হ’বলগীয়া হয়৷ মহিলাসকলে ঘনিষ্ঠ সহযোগী নাইবা সমাজৰ অন্য কোনো ক্ষেত্রৰ লোকৰ দ্বাৰা এনেদৰে শাৰীৰিক আৰু যৌন আতিশয্যৰ বলি হয় বুলি এক অধ্যয়নত তথ্য লাভ কৰিছে বিশ্ব স্বাস্থ্য সংস্থা (হু)ই৷
সংস্থাটোৰ শেহতীয়া অধ্যয়নৰ তথ্য কালি প্রকাশ পাইছে৷ এই তথ্য অনুসৰি বিশ্বজুৰি দশকটোত ৭৩৬ নিযুত গৰাকী মহিলা শাৰীৰিক তথা যৌন আতিশয্যৰ সন্মুখীন হৈছে৷ পূর্বৰ দশকসমূহৰ সৈতে মহিলাসকল সন্মুখীন হোৱা সমস্যাৰ ছবিখন এতিয়াও একে আছে বুলি প্রকাশ কৰিছে হুৱে৷
হুৰ এই তথ্য সবিস্তাৰে প্রতিবেদন হিচাপে প্রকাশ কৰিছে ‘দ্য হিল’এ৷ হুৰ মতে ১৫ৰ পৰা ২৪ বছৰ বয়সৰ কিশোৰী তথা যুৱতীসকলৰ প্রতি চাৰিগৰাকীৰ এগৰাকীয়েই এনে আতিশয্যৰ সন্মুখীন হৈছে ঘনিষ্ঠ সহযোগীৰ পৰা৷ শাৰীৰিক আৰু যৌন আতিশয্যৰ সন্মুখীন হোৱাৰ অভিজ্ঞতা এই কিশোৰী তথা যুৱতীসকলৰ বাবে তেনেই স্বাভাৱিক বুলিও উল্লেখ কৰিছে হুৰ সঞ্চালক প্রধান ডাঃ টেড্র’ছ আধানম ঘেব্রিয়েছাছে৷
সঞ্চালক প্রধানগৰাকীৰ মতে মহামাৰীৰ সময়ত প্রতিখন দেশতে অসংখ্য মহিলা শাৰীৰিক আৰু যৌন আতিশয্যৰ বলি হ’বলগীয়া হৈছে৷