নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ ওড়িশাৰ মুখ্যমন্ত্রী নবীন পাটনায়কক হত্যাৰ ভাবুকিৰে অচিনাক্ত লোকে এখন পত্র প্রেৰণ কৰা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ পত্রখনত উল্লেখ কৰা অনুসৰি এ কে–৪৭ আৰু অন্যান্য মাৰণাস্ত্র লৈ ইতিমধ্যে হত্যাকাৰীয়ে মুখ্যমন্ত্রীগৰাকীক হত্যা কৰিবলৈ সাজু হৈছে৷ ভুবনেশ্বৰস্থিত মুখ্যমন্ত্রীৰ বাসভৱন নবীন নিৱাসলৈ এই পত্র অহাৰ লগে লগে আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷
পত্রখনত উল্লেখ কৰা হৈছে যে ভেৰোণীয়া হত্যাকাৰীয়ে মুখ্যমন্ত্রীগৰাকীক অনুসৰণ কৰি আছে৷ গতিকে মুখ্যমন্ত্রীক সতর্ক থাকিবলৈও অনুৰূপ ধৰণে জনোৱা হৈছে পত্রখনত৷ হত্যাকাৰী নাগপুৰত থাকে বুলিও উল্লেখ কৰা হৈছে৷