নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীলৈ দ্বিতীয়খন ‘অক্সিজেন এক্সপ্রেছ’

নিয়মীয়া বাৰ্তা ২ মেঃ  ক’ভিড মহামাৰীৰ সংক্রমণৰ দ্বিতীয় জোৱাৰত অভাৱনীয় অক্সিজেনৰ নাটনিৰ সন্মুখীন হোৱা দিল্লীলৈ শনিবাৰে দ্বিতীয়খন ‘অক্সিজেন এক্সপ্রেছ’ প্রেৰণ কৰা হৈছে পশ্চিমবংগৰ দুর্গাপুৰৰ পৰা৷ উল্লেখনীয় যে লিকুইড অক্সিজেনৰ কণ্টেইনাৰ লৈ আজি এই ৰে’লখনে দিল্লী অভিমুখে যাত্রা কৰিছে৷ ৰে’লমন্ত্রী পীয়ূষ গোৱেলে সংবাদ মাধ্যমক জানিবলৈ দিছে এই কথা৷ এই লিকুইড অক্সিজেন পশ্চিমবংগলৈকে প্রেৰণ কৰিছিল ছিংগাপুৰে৷ দিল্লীৰ হাস্পতালসমূহত ক’ভিড ৰোগীসকলক এই লিকুইড মেডিকেল অক্সিজেন (এলএম’) প্রদান কৰা হ’ব৷

দুপৰীয়া ১ বজাত দুর্গাপুৰৰ পৰা যাত্রা আৰম্ভ কৰা এই অক্সিজেন এক্সপ্রেছ দিল্লীত উপস্থিত হ’ব ১৮ ঘণ্টা পাছত৷ দ্বিতীয়খন এই অক্সিজেন এক্সপ্রেছত কঢ়িওৱা হৈছে ১২০ টন লিকুইড অক্সিজেন৷ লক্ষণীয়ভাৱে হাৰিয়ানাই শীঘ্রে এনে অক্সিজেন এক্সপ্রেছৰ পৰা জীৱনদায়িনী অক্সিজেন শীঘ্রে লাভ কৰিবলৈ সক্ষম হ’ব বুলিও ৰে’ল মন্ত্রালয়ে এক বিবৃতিত সদৰী কৰিছে৷ ইতিমধ্যে দুখনকৈ অক্সিজেন এক্সপ্রেছ হাৰিয়ানালৈ প্রেৰণ কৰা হৈছে৷ এখন ৰুৰকেল্লাৰ পৰা ৪,৭১১ টন এলএম’ লৈ যোৱাৰ বিপৰীতে আনখন ৰে’লে আংগুলৰ পৰা ৩২ টন অক্সিজেন লৈ যাত্রা আৰম্ভ কৰিছে৷ লক্ষণীয়ভাৱে দেশত বায়ুসেনায়ো অনুৰূপ কাম শীঘ্রে আৰম্ভ কৰিব বুলি ইতিমধ্যে প্রতিৰক্ষা মন্ত্রালয়ৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে৷

You might also like