নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুলভূষণ যাদৱৰ গোচৰঃ পাক চৰকাৰলৈ ন্যায়ালয়ৰ নতুন নির্দেশ

নিয়মীয়া বাৰ্তা, ৫ আগষ্টঃ পাকিস্তানৰ এখন শীর্ষ আদালতে প্রাক্তন ভাৰতীয় নৌ বিষয়া কুলভূষণ যাদৱৰ গোচৰত তিনিগৰাকী জ্যেষ্ঠ অধিবক্তাৰ নাম আইনী উপদেষ্টা হিচাপে ঘোষণা কৰি পাক চৰকাৰক এইক্ষেত্রত ভাৰতক আন এক সুযোগ দিয়াৰ নির্দেশ দিছে৷

কুলভূষণ যাদৱৰ গোচৰটোত যাতে ভাৰতে এগৰাকী নিৰপেক্ষ আইনী উপদেষ্টাক নিযুক্তি দিব পাৰে, এই সুযোগ দিব লাগে বুলি ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা দুজনীয়া বিচাৰপীঠে ঘোষণা কৰিছিল৷

উল্লেখনীয় যে ৫০ বছৰীয়া যাদৱক পাকিস্তানী সামৰিক আদালতে ২০১৭ত গুপ্তচৰ বৃত্তি আৰু সন্ত্রাসবাদত জড়িত থকাৰ অভিযোগত দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ ৰায় শুনাইছে৷

নেদাৰলেণ্ডস্থিত আন্তর্জাতিক আদালতে যোৱা বছৰ জুলাই মাহত এই গোচৰৰ ৰায় সন্দর্ভত পুনৰ বিবেচনা আৰু পুংখানুপুংখ পর্যালোচনাৰ আহ্বান জনাইছিল পাক চৰকাৰক৷

You might also like