কৃষক আন্দোলনক লৈ পাকিস্তানঃ জো বাইডেনৰ হস্তক্ষেপ দাবী
নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ ভাৰতত হৈ থকা কৃষক আন্দোলনৰ চৰ্চা চলিছে পাকিস্তানতো। কৃষক আন্দোলনক লৈ পাকিস্তানে আৰম্ভ কৰিব বিচাৰিছে নতুন কূটনৈতিক ৰণকৌশল।
বাতৰি সংস্থা আজ টকৰ প্ৰতিবেদন মতে, পাকিস্তানৰ সংসদীয় সমিতিয়ে যোৱা ২৬ জানুৱাৰীত কৃষকৰ প্ৰতিবাদৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰাৰ লগতে এইক্ষেত্ৰত জো বাইডেন তথা আন আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ ওপৰতো এই বিষয়টো উত্থাপন কৰে।
পাকিস্তানৰ বিদেশ মন্ত্রী শ্বাহ মাহমুদ কুৰেছিয়ে এক বিবৃতিত কৈছে যে ভাৰত চৰকাৰ আন্দোলনৰত কৃষকৰ সমস্যা সমাধানত ব্যর্থ হৈছে।
মঙলবাৰে পাকিস্তানৰ বিজ্ঞান তথা প্রযুক্তি মন্ত্রী ফাওয়াদ চৌধুৰীয়েও এটা টুইটত লিখিছে- গোটেই বিশ্বই এই অত্যাচাৰী চৰকাৰৰ বিৰুদ্ধে আৱাজ উঠোৱা উচিত।
আনহাতে সংসদীয় সমিতিয়ে চৰকাৰক আহ্বান জনায় এইদৰে- ‘আমি কৃষক আৰু অন্যান্য সম্প্ৰদায়ৰ লোকসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জনাইছো, যিসকলে আৰএছএছৰ উগ্ৰবাদৰ হাতত প্ৰাণ হেৰুৱাইছে। ভাৰতত, ২০১৯ চনত ১০,০০০ৰো অধিক কৃষকে আত্মহত্যা কৰিছিল আৰু বহুতো মুছলমানক তেওঁলোকৰ ধৰ্মৰ বাবে লক্ষ্য কৰা হৈছিল। আমি বিচাৰো যে চৰকাৰে মানৱ অধিকাৰ উলংঘনৰ এই গুৰুতৰ বিষয়বোৰ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদ, ইউৰোপীয় সংসদ, ইউৰোপীয় ইউনিয়ন আদালত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ জো বাইডেন চৰকাৰৰ সন্মুখত উত্থাপন কৰক।’
উল্লেখ্য, ভাৰত চৰকাৰে দেশৰ আভ্যন্তৰীণ বিষয়ত কোনো ৰাষ্ট্ৰৰে মন্তব্যৰ প্ৰয়োজন নাই বুলি প্ৰকাশ কৰাৰ পিছতো পাকিস্তানৰ বৈদেশিক বিষয়ক সংসদীয় সমিতিয়ে ভাৰতৰ কৃষক আন্দোলন আৰু কাশ্মীৰ প্ৰসংগৰ বিষয়ে আলোচনা কৰে ইছলামাবাদস্থিত সংসদ ভৱনত।