নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংসদত গৃহীত হ’ল বীমা (সংশোধনী) বিধেয়ক, ২০২১

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ সোমবাৰে সংসদত গৃহীত কৰা হৈছে বীমা (সংশোধনী) বিধেয়ক, ২০২১৷ এই বিধেয়ক অনুসৰি বীমা খণ্ডত প্রত্যক্ষ বিদেশী বিনিয়োগ (এফডিআই) ৪৯ শতাংশৰ পৰা ৭৪ শতাংশলৈ বৃদ্ধি কৰিব বিচৰা হৈছে৷ উল্লেখনীয় যে পূর্বে ৰাজ্যসভাত এই বিধেয়কখন গৃহীত হৈছিল৷

কালি লোকসভাতো বিধেয়কখন গৃহীত হোৱাৰ পিছত বীমা খণ্ডত বিদেশী বিনিয়োগ অধিক সুচল হৈ পৰাৰ পথ মুকলি হ’ল৷ বিধেয়কখন সন্দর্ভত লোকসভাত আলোচনা চলাৰ সময়ত বিত্তমন্ত্রী নির্মলা সীতাৰমণে উল্লেখ কৰে যে এফ ডি আইৰ সীমা বীমা খণ্ডত বৃদ্ধি অতি আৱশ্যকীয় হৈ পৰিছে৷ ইয়াৰ জৰিয়তে বীমা খণ্ডত জনসাধাৰণ উপকৃত হোৱাৰ উপৰি বিত্তীয় সংকটৰ পৰা পৰিত্রাণৰ পথ মুকলি হ’ব বুলিও মন্তব্য কৰে মন্ত্রী সীতাৰমণে৷ স্মর্তব্য যে ১৮ মার্চত ৰাজ্যসভাত এই বিধেয়কখন গৃহীত হোৱাৰ পিছতে বীমাকর্মীসকলে তীব্র প্রতিবাদ সাব্যস্ত কৰিছিল৷ আনকি বিভিন্ন বিৰোধী দলেও এই বিষয়টোক লৈ আশংকা প্রকাশ কৰি আহিছে৷

You might also like