নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তালিবানৰে আফগান চৰকাৰৰ শান্তি আলোচনা আৰম্ভ, উপস্থিত আছে এছ জয়শংকৰো

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ উপসাগৰীয় ৰাষ্ট্র কাটাৰৰ ডোহাত আফগান চৰকাৰ আৰু তালিবানৰ মাজত কালিৰে পৰা আৰম্ভ হৈছে ঐতিহাসিক শান্তি আলোচনা৷ কেইবামাহ বিলম্বৰ পিছত যুদ্ধত বিধ্বস্ত আফগানিস্তানত শান্তিৰ বার্তা ঘূৰাই অনাৰ স্বার্থত তালিবানৰ সৈতে আফগান চৰকাৰে আলোচনা আৰম্ভ কৰিব৷ আমেৰিকা যুক্তৰাষ্ট্রৰ বৈদেশিক মন্ত্রী মাইক পম্পি’ই এই শান্তি আলোচনা ঐতিহাসিক বুলি আখ্যা দিছে৷

উল্লেখ্য যে যোৱা ফেব্রুৱাৰী মাহত আমেৰিকা যুক্তৰাষ্ট্র আৰু তালিবানৰ মাজত সুৰক্ষা চুক্তি সম্পন্ন হোৱাৰ পিছতেই শান্তি আলোচনা আৰম্ভ হৈছে৷ বিগত চাৰি দশক ধৰি তালিবান আৰু আফগান চৰকাৰৰ মাজত চলি থকা যুদ্ধৰ পৰণতিত দেশখন বিধ্বস্ত হৈ পৰিছে৷ তাৎপর্যপূর্ণ যে ডোহাত অনুষ্ঠিত তালিবান–আফগান চৰকাৰৰ শান্তি আলোচনাৰ উদ্বোধনী সত্রত ভাৰতৰ বৈদেশিক মন্ত্রী এছ জয়শংকৰেও অংশগ্রহণ কৰিছে৷

কাটাৰৰ উপ–প্রধানমন্ত্রী আৰু বৈদেশিক মন্ত্রী মহম্মদ বিন আব্দুল ৰহমান বিন জাছিম অল থানীৰ নিমন্ত্রণৰ প্রতি সঁহাৰি জনাই ভিডিঅ’ কনফাৰেঞ্চযোগে এই প্রক্রিয়াত বৈদেশিক মন্ত্রী জয়শংকৰে অংশ লয়৷ শাসনত বৈদেশিক মন্ত্রী জয়শংকৰে ভাৰত আৰু আফগানিস্তানৰ যুগ যুগৰ পুৰণি সম্পর্কৰ বিষয়ে উল্লেখ কৰি এই গুৰুত্বপূর্ণ সময়ত দেশ একেলগে থিয় দি আছে বুলি কয়৷

তদুপৰি আফগানিস্তানত ভাৰতে উন্নয়নৰ চাৰিশতকৈও অধিক প্রকল্প দেশখনৰ ৩৪ প্রদেশত সম্পূর্ণ কৰা বুলি কয় বৈদেশিক মন্ত্রীগৰাকীয়ে৷ উল্লেখ্য যে ডোহাত অনুষ্ঠিত তালিবান–আফগান চৰকাৰৰ শান্তি আলোচনাত অংশ লৈছে আব্দুল্লা আব্দুল্লাৰ নেতৃত্বত চৰকাৰৰ এটা প্রতিনিধি দলে৷ তালিবানৰ ৬ কাৰাবন্দীক মুক্তি দিয়াৰ পিছত তালিবানৰ এটি দলেও শান্তি আলোচনা প্রক্রিয়াত অংশ লৈছে৷ গুৰুত্বপূর্ণ যে তালিবান আৰু আফগান চৰকাৰৰ প্রতিনিধিৰ মাজত এয়া হৈছে প্রথম প্রত্যক্ষ আলোচনা৷

You might also like