নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিয় ৭০০ বছৰ ধৰি দুমহলীয়া ঘৰ সজা নাই এইখন গাঁৱত

এখন গাওঁ, য’ত দুমহলীয়া ঘৰ সাজিবলৈ কোনেও নকৰে দুঃসাহ। কোনোৱে যদি ভুল কৰি দুমহলীয়া ঘৰ বনায়, সেইজনৰ পৰিয়াললৈ নামি আহে ভয়ানক বিপদ। আৰু সেই ভয়তেই যোৱা ৭০০ বছৰ ধৰি দোতলা বনোৱা নাই কোনেও।
অবিশ্বাস্য যদিও সত্য এই কথা। ৰাজস্থানৰ চুৰু জিলাৰ সর্দাৰ চহৰৰ উদচৰ গ্রাম। প্রচলিত বিশ্বাস যে, কোনো গঞাই দুমহলীয়া ঘৰ সাজিলেই সেই পৰিয়ালটো তচনচ হৈ যায়। আৰু সেই বিশ্বাসতেই ৭০০ বছৰ ধৰি চলি আহিছে গাওঁবাসী।
স্থানীয় ৰাইজৰ দাবী, ৭০০ বছৰ পূৰ্বে গাঁৱত গোমিয়া নামৰ এজন ব্যক্তি আছিল। এদিন গাঁৱত ডকাইতে আক্ৰমণ কৰে। একমাত্র গোমিয়াই ডকাইতৰ দলৰ বিৰুদ্ধে যুঁজ দিয়ে। ডকাইতৰ সৈতে যুঁজ দিয়াৰ সময়ত আহত হয় তেওঁ। কোনোমতে পলাই তেওঁ শহুৰৰ দুমহলাত আশ্রয় লৈছিল। কিন্তু ডকাইতে তেওঁক অনুসৰণ কৰি তাত হাজিৰ হয় আৰু গাওঁৰ সীমাত গোমিয়াৰ শহুৰৰ ঘৰতে ডিঙি কাটি হত্যা কৰে। স্বামীৰ মৃত্যুত প্রায় বলীয়াজনী হয় তেওঁৰ পত্নী। গোমিয়াৰ মৃত্যুৰ পাছত তেওঁৰ পত্নীয়ে অভিশাপ দিছিল যে এই গাঁৱত কোনোৱে দোতলা বনালে সেই পৰিয়াললৈ বিপদ নামিব। এই বিশ্বাসকে বছৰ বছৰ ধৰি বহন কৰি আহিছে গাঁৱবাসীয়ে।

You might also like