মহাকাশ আস্থান গঢ়ি জোনবাইৰ বুকুত চলাব গৱেষণা, দুই পৰাক্রমী ৰাষ্ট্রৰ নতুন চুক্তি
নিয়মীয়া বাৰ্তা, ১১ মার্চঃ মহাকাশ গৱেষণাত ৰাছিয়া আৰু চীনে নতুন অধ্যায়ৰ সংযোজন ঘটাবলৈ আগবাঢ়িছে৷ দুয়োখন দেশে চন্দ্রত গঢ়ি তুলিব মহাকাশ কেন্দ্র৷ ৰুছ মহাকাশ গৱেষণা সংস্থা ৰ’ছক’ছমোছে উল্লেখ কৰিছে যে চীনৰ সৈতে ইতিমধ্যে চন্দ্রত মহাকাশ আস্থান গঢ়ি তুলিবলৈ এক চুক্তিত স্বাক্ষৰ কৰা হৈছে৷
চীনৰ ৰাষ্ট্রীয় মহাকাশ প্রশাসনৰ সৈতে এই চুক্তি স্বাক্ষৰ কৰিছে ৰুছ মহাকাশ গৱেষণা সংস্থাটোৱে৷ ৰুছ সংস্থাটোৰ মতে চন্দ্রপৃষ্ঠত গৱেষণা ব্যৱস্থাৰ উন্নয়ন ঘটাবলৈ এই মহাকাশ আস্থান গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে৷ চন্দ্র পৃষ্ঠ তথা ইয়াৰ কক্ষপথৰ ওপৰত চলিব বিভিন্ন গৱেষণা৷
ইফালে দুয়োখন দেশৰ সংস্থা দুটাৰ তৰফৰ পৰা যৌথভাৱে এক বিবৃতিত উল্লেখ কৰা হৈছে যে গঢ়ি তুলিব লগা চন্দ্রৰ মহাকাশ আস্থান অন্য দেশৰ ব্যৱহাৰৰ বাবেও মুকলি থাকিব৷ স্মর্তব্য যে মহাকাশলৈ প্রথম মানৱযান প্রেৰণ কৰাৰ ৬টা দশক সম্পূর্ণ কৰিবলৈ আগবঢ়াৰ মুহূর্ততে ৰাছিয়াই চীনৰ সৈতে এই বৃহৎ গৱেষণা প্রকল্পৰ সিদ্ধান্ত লোৱা বিষয়টোক লৈ বিশ্বজুৰি চর্চা চলিছে৷
আন্তর্জাতিক বৈজ্ঞানিক চন্দ্র আস্থান হিচাপে নামকৰণ কৰা হ’ব এই নতুন মহাকাশ আস্থানক৷ ইয়াৰ জৰিয়তে চন্দ্রৰ বিভিন্ন দিশৰ ওপৰত গৱেষণা চলোৱা হ’ব৷ চন্দ্র মানুহৰ ব্যৱহাৰৰ বাবে কিমান প্রযোজ্য সেই সন্দর্ভতো চলোৱা হ’ব গৱেষণা৷
স্মর্তব্য যে চন্দ্রক লৈ ৰাছিয়া–চীনে এই নতুন পৰিকল্পনা চলাইছে যদিও ২০২৪ চনতহে আমেৰিকাই চন্দ্রলৈ পুনৰ মানৱযান প্রেৰণৰ সিদ্ধান্ত লৈছে৷ আমেৰিকাৰ এই নতুন অভিযানৰ নাম হ’ব ‘আর্টেমিছ’৷