নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুজৰাটত বিশ্বৰ বৃহত্তম শক্তি উদ্যানৰ শিলান্যাস

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ গুজৰাটৰ কুচ্ছত বিশ্বৰ বৃহত্তম নবীকৰণ সৌৰ আৰু বায়ুশক্তি উদ্যানৰ আধাৰশিলা স্থাপন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ভার্চুৱেলযোগে ৩০ হাজাৰ মেগাৱাট আল্টা মেগা হাইব্রিড পার্কখনৰ আধাৰশিলা স্থাপন কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে কুচ্ছত লোৱা এই বৃহৎ পদক্ষেপে নতুন যুগৰ প্রযুক্তি আৰু নতুন যুগৰ অর্থনীতিক আগুৱাই নিব৷ আধাৰশিলা স্থাপন কৰি প্রধানমন্ত্রী মোদীয়ে তিনি কৃষি আইন বাতিলৰ দাবীত কৃষক সংগঠনসমূহে চলাই যোৱা আন্দোলন সন্দর্ভত বিৰোধীক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ তিনি কৃষি আইনৰ প্রাসংগিকতা উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে বিৰোধীয়ে কৃষকসকলক বিপথে পৰিচালিত কৰি আছে৷ তেওঁলোকেও সংস্কাৰ বিচাৰিছিল৷ কিন্তু ক্ষমতাত থকাৰ সময়ত তেওঁলোকে সেয়া কৰিব নোৱাৰিলে৷ কিন্তু এতিয়া আমি তাৰ ব্যৱস্থা কৰিছোঁ৷ তেওঁলোকে কৃষকক বিপথে পৰিচালিত কৰিছে৷

নতুন দিল্লীৰ সীমান্তত বিগত ১৯ দিন ধৰি তিনি কৃষি আইন বাতিলৰ দাবীৰে চলাই থকা কৃষকৰ আন্দোলনক লক্ষ্য কৰি প্রধানমন্ত্রী মোদীয়ে কয়, ‘যিসকল বর্তমান বিৰোধীৰ আসনত বহি আছে তেওঁলোকে আজি কৃষকক বিপথে পৰিচালিত কৰিছে৷ অথচ তেওঁলোকৰ চৰকাৰৰ সময়ত এই কৃষি সংস্কাৰৰ পক্ষত আছিল৷ তেওঁলোকৰ চৰকাৰৰ দিনত এই সিদ্ধান্ত গ্রহণ কৰিব নোৱাৰিলে৷ আজি যেতিয়া দেশে এই ঐতিহাসিক পদক্ষেপ গ্রহণ কৰিছে, তেনে মুহূর্তত এই লোকসকলে কৃষকক বিপথগামী কৰিছে৷’ বিৰোধীক কঠোৰ ভাষাৰে সমালোচনা কৰা প্রধানমন্ত্রীগৰাকীয়্ তিনি কৃষি আইনক লৈ শংকাত থকা কৃষকসকলৰ শংকা দূৰ কৰিবলৈ ২৪ ঘণ্টাই চৰকাৰ সাজু হৈ আছে বুলি কয়৷ তদুপৰি প্রধানমন্ত্রীগৰাকীয়্ কয় যে চৰকাৰে প্রথম দিনৰ পৰাই কৃষকৰ হিতক প্রাধান্য দি আহিছে৷ দেশে প্রশ্ণ সুধিছে যে কিয় ক্ষুদ্র কৃষকসকলে তেওঁলোকৰ উৎপাদিত শস্য আৰু দাইল বিক্রীৰ ক্ষেত্রত স্বাধীনতা নাপায়৷

কৃষিখণ্ডত সংস্কাৰক লৈ বছৰ বছৰ ধৰি দাবী উত্থাপিত হৈ আহিছে৷ অনেক কৃষক সংগঠনেও এই ক্ষেত্রত দাবী কৰি আহিছে৷ তেওঁলোকে বিচাৰিছিল তেওঁলোকৰ খাদ্য–শস্য য’তে–ত’তে বিক্রী কৰাটো৷ কেন্দ্রীয় চৰকাৰৰ নতুন তিনি কৃষি আইনে এই সুবিধা প্রদান কৰিছে৷ আনপিনে প্রধানমন্ত্রীগৰাকীয়্ কৃষকসকলক দ্বিধাত পেলাই দিল্লীলৈ আন্দোলন কৰিবলগীয়া পৰিস্থিতি সৃষ্টি বিৰোধীয়ে কৰিছে বুলি স্পষ্টকৈ উল্লেখ কৰে৷ কৃষকসকলক তেওঁলোকৰ কৃষি–ভূমি আৰু উৎপাদিত সামগ্রীক লৈ অধিকাৰ পূর্বৰ দৰেই থাকিব বুলি নিশ্চিতি দি প্রধানমন্ত্রীগৰাকীয়্ কয় যে তিনি কৃষি আইনৰ ফলত কৃষকসকলৰ ভূমি আনে দখল কৰাৰ শংকা বিয়পাই দিয়া হৈছে৷

কৃষকসকলক প্রশ্ণ সুধি প্রধানমন্ত্রী মোদীয়ে কয়, দুগ্ধপামে আপোনালোকৰ গাখীৰ সংগ্রহ কৰে৷ কিন্তু আপোনালোকৰ গাইগৰুৰ অধিকাৰ কাঢ়ি নিয়ে নেকি? কেন্দ্রীয় চৰকাৰে সদায়ে কৃষকৰ কল্যাণৰ হকে প্রতিশ্রুতিবদ্ধ আৰু কৃষকসকলক নিশ্চিতি দিয়ে যে তেওঁলোকৰ উদ্বিগ্ণতা চৰকাৰে সমাধান কৰিব৷ উল্লেখ্য যে আজি গুজৰাটৰ কুচ্ছত বিশ্বৰ বৃহত্তম নবীকৰণৰ শক্তি উদ্যানৰ আধাৰশিলা স্থাপন কৰাৰ লগতে আন কেইবাটাও প্রকল্পৰ আধাৰশিলা স্থাপন কৰে প্রধানমন্ত্রী মোদীয়ে৷

You might also like