নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম–বিকাশৰ যাত্রাত অগ্রসৰ হৈছে ভাৰত

মাননীয় আব্দুলা শ্বাহিদজী, ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদৰ অধ্যক্ষ পদ অলংকৃত কৰাৰ বাবে মই আপোনাক বিশেষভাৱে অভিনন্দন জনাইছোঁ৷ আপুনি এই পদত অধিষ্ঠিত হোৱাটো সকলো উন্নয়নশীল দেশ, বিশেষকৈ ক্ষুদ্র দ্বীপ–উন্নয়নশীল ৰাষ্ট্রসমূহৰ বাবে এক গৌৰৱৰ বিষয়৷
অধ্যক্ষ মহোদয়, বিগত ডেৰ বছৰ ধৰি সমগ্র বিশ্বখন যোৱা ১০০ বছৰৰ সবাতোকৈ ডাঙৰ মহামাৰীৰ সন্মুখীন হ’বলগীয়া হৈছে৷ এনে ভয়ংকৰ মহামাৰীত প্রাণ হেৰুওৱা সকলো ব্যক্তিলৈ মই শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ৷
অধ্যক্ষ মহোদয়, মই এনে এখন দেশক প্রতিনিধিত্ব কৰিছোঁ– যিখন দেশকগণতন্ত্রৰ জননী হিচাপে অভিহিত কৰা হয়৷ হাজাৰ বছৰ পুৰণি গণতান্ত্রিক পৰম্পৰাৰ ইতিহাসেৰে আমি সমৃদ্ধ হৈছোঁ৷ এই বর্ষৰ ১৫ আগষ্টত ভাৰতবর্ষই স্বাধীনতাৰ ৭৫ বছৰত পদার্পণ কৰিছে৷ আমাৰ দেশৰ বিবিধতা হৈছে আমাৰ শক্তিশালী গণতন্ত্রৰ এক উজ্জ্বল চানেকি৷ এইখন এনে এখন দেশ, য’ত বহুসংখ্যক ভাষা আছে, সহস্রাধিক দোৱান আছে, বিভিন্ন আচাৰ শৈলী আৰু খাদ্যাভ্যাস আছে৷ গতিশীল গণতন্ত্রৰ এয়া এক উজ্জ্বল নিদর্শন৷ ভাৰতীয় গণতন্ত্রৰ ই এক অপূর্ব শক্তিও যে এসময়ত ৰে’ল ষ্টেচনৰ চাহ দোকানত নিজৰ পিতৃক সহায় কৰা এজন ল’ৰাই আজি এই ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদক চতুর্থবাৰৰ বাবে ভাৰতৰ প্রধানমন্ত্রী হিচাপে সম্বোধন কৰিছে৷ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে গুজৰাটৰ মুখ্যমন্ত্রী আৰু তাৰ পিছত বিগত ৭ বছৰ ধৰি ভাৰতৰ প্রধানমন্ত্রী হিচাপে মই চৰকাৰৰ মুৰব্বী ৰূপে দেশবাসীক সেৱা কৰা ২০ বছৰ সম্পূর্ণ হ’ল৷ মই মোৰ অভিজ্ঞতাৰ পৰা ব্যক্ত কৰিব বিচাৰিছোঁ– হয়, গণতন্ত্রই পৰিত্রাণৰ পথ দিব পাৰে আৰু কেৱল গণতন্ত্রৰ জৰিয়তেহে পৰিত্রাণৰ পথ সম্ভৱ হৈছে(Yes, Democracy can deliver. Yes, Democracy has delivered)৷
অধ্যক্ষ মহোদয়, একাত্ম মানৱতাবাদৰ প্রবক্তা পণ্ডিত দীনদয়াল উপাধ্যায়ৰ আজি পৱিত্র জন্ম জয়ন্তী৷ একাত্ম মানৱতাবাদৰ অর্থ হৈছে – ইণ্টিগ্রেল হিউমেনিজিম৷ ইয়াৰ অর্থ হৈছে নিজৰ লগতে সমাজৰ বিকাশ আৰু বিস্তাৰৰ সহযাত্রা(Expansion of the self moving from individual to the society, the Nation and entire humanity)৷ এই দর্শন অন্ত্যোদয়ৰ প্রতি সমর্পিত৷ অন্ত্যোদয়ক আজিৰ পৰিভাষাত Where no one is behind বুলি কোৱা হয়৷ এই চিন্তাধাৰাৰ আধাৰত ভাৰতে আজি সংহত আৰু সম–বিকাশৰ যাত্রাত অগ্রসৰ হৈছে৷ বিকাশ– সকলোকে সামৰি লোৱা হওক, সকলোকে স্পর্শ কৰা হওক, সর্বব্যাপী হওক, সকলোকে সুবিধা প্রদানকাৰী হওক– এয়াই হ’ল আমাৰ প্রাথমিকতা৷ বিগত ৭ বছৰত ভাৰতত ৪৩ কোটিতকৈও অধিক লোকক বেংক ব্যৱস্থাৰে সামৰি লোৱা হৈছে, অতদিনে তেওঁলোক ইয়াৰ পৰা বঞ্চিত হৈ আছিল৷ আজি ৩৬ কোটিতকৈও অধিক লোকে বীমা সুৰক্ষাৰ সুবিধা লাভ কৰিছে, যিসকলে নেকি ইয়াৰ পূর্বে এনে কথা কল্পনাও কৰিব পৰা নাছিল৷ ৫০ কোটিতকৈও অধিক লোকক বিনামূলীয়া চিকিৎসাৰ সুবিধা দি ভাৰতে তেওঁলোকক মানসম্পন্ন স্বাস্থ্যসেৱাৰ সৈতে যুক্ত কৰিছে৷ ভাৰতে ৩ কোটি পকী ঘৰ নির্মাণ কৰি গৃহহীন পৰিয়ালক একো একোটা ঘৰৰ গৰাকী কৰিবলৈ সক্ষম হৈছে৷
অধ্যক্ষ মহোদয়, প্রদূষিত পানীৰ সমস্যা কেৱল ভাৰতৰে নহয়, সমগ্র বিশ্বৰ, বিশেষকৈ দৰিদ্র আৰু বিকাশশীল দেশৰ বাবে এক বৃহৎ সমস্যা৷ ভাৰতত এই প্রত্যাহ্বানৰ মোকাবিলা কৰাৰ বাবে ১৭ কোটিতকৈও অধিক গৃহলৈ নলৰ জৰিয়তে বিশুদ্ধ পানী যোগানৰ এক বৃহৎ অভিযান চলি আছে৷ বিশ্বৰ বৃহৎ বৃহৎ সংস্থাই এই কথা স্বীকাৰ কৰিছে যে যিকোনো এখন দেশৰ বিকাশৰ বাবে ইয়াৰ নাগৰিকসকলৰ ভূমি আৰু গৃহৰ অধিকাৰৰ স্বত্ব থকাটো অত্যন্ত জৰুৰী৷ বিশ্বৰ ডাঙৰ ডাঙৰ দেশসমূহত এনে বহুসংখ্যক লোক আছে, যিসকলৰ হাতত ভূমি আৰু গৃহৰ অধিকাৰ–স্বত্ব নাই৷ আজি ভাৰতত আমি ৬ লাখতকৈও অধিক গাঁৱত ড্র’নৰ সহায়ত জৰীপ কার্য চলাই কোটি কোটি জনতাক ভূমি আৰু গৃহৰ ডিজিটেল তথ্য প্রদানৰ দিশত আত্মনিয়োগ কৰিছেছা৷ এই ডিজিটেল তথ্যই সম্পত্তিৰ বিবাদ হ্রাস কৰাৰ উপৰি বেংকৰ পৰা ঋণ লাভৰ দিশত জনসাধাৰণক সহায় কৰিছে৷
অধ্যক্ষ মহোদয়, আজি বিশ্বৰ এক–চতুর্থাংশ ব্যক্তিয়েই হ’ল ভাৰতীয়৷ যেতিয়া ভাৰতীয়সকলৰ প্রগতি হয়, তেতিয়া বিশ্বৰ বিকাশেও গতি লাভ কৰে When India grows, the world grows, when India reforms, the world transforms৷ ভাৰতত হৈ থকা বিজ্ঞান আৰু প্রযুক্তি আধাৰিত উদ্ভাৱনে সমগ্র বিশ্বকে যথেষ্ট সহায় কৰিব৷ আমাৰ কৰ ব্যৱস্থাৰ দক্ষতা আৰু ইয়াৰ নিম্ন ব্যয়– দুয়োটাই অতুলনীয়৷ আমাৰ ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ (ইউপিআই)ৰ জৰিয়তে সম্প্রতি ভাৰতত প্রতিমাহে ৩৫০ কোটিৰো অধিক লেনদেন হ’বলৈ ধৰিছে৷ ভাৰতৰ প্রতিষেধক প্রদানৰ মঞ্চ কো–উইনে এদিনতে কোটিতকৈও অধিক ভেকচিন প্রদানৰ ক্ষেত্রত ডিজিটেল সহায়ৰ হাত আগবঢ়াই আহিছে৷
অধ্যক্ষ মহোদয়, সেৱাই পৰম ধর্ম৷ মানৱ সেৱাক মান্যতা প্রদান কৰা ভাৰতে সীমিত সামর্থ্যৰ মাজতো প্রতিষেধক উদ্ভাৱন আৰু উৎপাদনত অহোপুৰুষার্থ কৰি আহিছে৷ মই ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদক এই কথা অৱগত কৰিব বিচাৰিছেছা যে ভাৰতে পৃথিৱীৰ ভিতৰতে প্রথমটো ডিএনএ প্রতিষেধক আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে৷ যি প্রতিষেধক ১২ বছৰৰ ঊধর্বৰ প্রতিগৰাকী ব্যক্তিক প্রদান কৰিব পৰা যায়৷ এটা এম আৰ এন এ প্রতিষেধক উদ্ভাৱনৰ শেষ পর্যায়ত আছে৷ ভাৰতীয় বিজ্ঞানীসকলে নাকেৰে প্রদান কৰিব পৰা ক’ৰোনাৰ এবিধ প্রতিষেধক নির্মাণতো ব্রতী হৈ আছে৷ মানৱতাৰ প্রতি থকা নিজৰ দায়িত্ব পালন কৰি ভাৰতে বিশ্ববাসীৰ প্রতিষেধকৰ প্রয়োজন পূৰ কৰিবলৈ আকৌ এবাৰ ভেকচিন প্রেৰণৰ কাম আৰম্ভ কৰিছে৷ মই আজি সমগ্র পৃথিৱীৰ প্রতিষেধক উৎপাদনকাৰীসকলক্ আমন্ত্রণ কৰিছোঁ– আহক, ভাৰতত প্রতিষেধক উৎপাদন কৰক৷
অধ্যক্ষ মহোদয়, মানৱ জীৱনত প্রযুক্তিৰ কিমান মহত্ত্ব আছে, সেয়া আমি সকলোৱে জানো৷ কিন্তু পৰিৱর্তনশীল বিশ্বত প্রযুক্তিৰ সৈতে গণতান্ত্রিক প্রমূল্যবোধ যুক্তকৰণ সুনিশ্চিত কৰাটো অতি আৱশ্যকীয়৷ ভাৰতীয় মূলৰ চিকিৎসকসকল, উদ্ভাৱকসকল, অভিযন্তাসকল, প্রবন্ধকসকল যি দেশতে নাথাকক কিয়, আমাৰ গণতান্ত্রিক প্রমূল্যবোধে তেওঁলোকক মানৱীয়তাৰ হকে কাম কৰাৰ বাবে অনুপ্রাণিত কৰি আহিছে৷ ক’ৰোনাৰ এই সংকটকালীন সময়তো আমি এয়া প্রত্যক্ষ কৰিব পাৰিছোঁ৷
অধ্যক্ষ মহোদয়, ক’ৰোনা মহামাৰীয়ে বিশ্বক ইয়াকেই শিকাইছে যে গোলকীয় অর্থব্যৱস্থাক আৰু অধিক বহুমুখীকৰণ কৰা উচিত৷ ইয়াৰ বাবে গোলকীয় মূল্য–শৃংখলৰ পৰিসৰ বৃদ্ধি একান্ত জৰুৰী৷ আমাৰ আত্মনির্ভৰ ভাৰত অভিযান এই চিন্তা–চর্চাৰ দ্বাৰা পৰিচালিত৷ গোলকীয় ঔদ্যোগিক প্রসাৰৰ দিশত ভাৰত বিশ্বৰ এক গণতান্ত্রিক আৰু নির্ভৰযোগ্য অংশীদাৰ হিচাপে পৰিগণিত হৈছে৷ এই অভিযানত ভাৰতে অর্থনীতি আৰু পাৰিপার্িশ্বকতাৰ মাজত উৎকৃষ্ট সন্তুলন স্থাপন কৰিছে৷ বৃহৎ আৰু বিকশিত দেশৰ তুলনাত ভাৰতে জলবায়ু পৰিৱর্তন ৰোধৰ দিশত লোৱা পদক্ষেপলানি প্রত্যক্ষ কৰি আপোনালোক সকলোৱে নিশ্চিতভাৱে গৌৰৱান্বিত হ’ব৷ এতিয়া ভাৰতে অতি ক্ষিপ্রতাৰে ৪৫০ গিগাৱাট নবীকৰণৰযোগ্য শক্তি আহৰণৰ লক্ষ্য পূৰণৰ দিশত আগবাঢ়িছে৷ আমি ভাৰতক বিশ্বৰ সর্ববৃহৎ সেউজ হাইড্র’জেন কেন্দ্র হিচাপে প্রতিষ্ঠা কৰাৰ অভিযানত ব্রতী হৈছোঁ৷
অধ্যক্ষ মহোদয়, আমি আমাৰ নতুন প্রজন্মৰ ওচৰত জবাবদিহি হ’ব লাগিব যে যেতিয়া সিদ্ধান্ত লোৱাৰ সময় আছিল, যিসকলৰ ওপৰত বিশ্বক পথ দেখুওৱাৰ দায়িত্ব আছিল, সেই সময়ত তেওঁলোকে কি কৰি আছিল৷ আজি বিশ্বৰ সন্মুখত পশ্চাদমুখী চিন্তা–চর্চা আৰু সন্ত্রাসবাদজনিত বিপদ ঘনীভূত হৈছে৷ এই পৰিস্থিতিত সমগ্র বিশ্বই বিজ্ঞানভিত্তিক যুক্তি আৰু প্রগতিশীল চিন্তাধাৰাক বিকাশৰ আধাৰ হিচাপে ল’বই লাগিব৷ বিজ্ঞানভিত্তিক পদক্ষেপ শক্তিশালী কৰাৰ বাবে ভাৰতে অভিজ্ঞতা আধাৰিত শিক্ষা ব্যৱস্থাক অগ্রাধিকাৰ প্রদান কৰি আহিছে৷ আমাৰ বিদ্যালয়সমূহত সহস্রাধিক অটল টিংকাৰিং লেব খোলা হৈছে৷ ইনকুৱেটৰো স্থাপন কৰা হৈছে আৰু এক শক্তিশালী ষ্টার্টআপৰ পৰিৱেশ গঢ়ি উঠিছে৷ দেশৰ স্বাধীনৰ ৭৫ বছৰ উপলক্ষে, যাক আমি স্বাধীনতাৰ অমৃত মহোৎসৱ হিচাপে পালন কৰিছোঁ, ভাৰতে ৭৫টা এনেধৰণৰ কৃত্রিম উপগ্রহ মহাকাশলৈ উৎক্ষেপণৰ পৰিকল্পনা কৰিছে, যিবোৰ ভাৰতীয় বিদ্যার্থীয়ে নিজৰ বিদ্যালয় আৰু মহাবিদ্যালয়ত নির্মাণ কৰিছে৷
অধ্যক্ষ মহোদয়, আনফালে পশ্চাদমুখী মনোভাবেৰে যিসমূহ দেশে সন্ত্রাসবাদক ৰাজনৈতিক অস্ত্র হিচাপে ব্যৱহাৰ কৰি আহিছে, সেই দেশসমূহে মনত ৰাখিব লাগিব যে সন্ত্রাসবাদ তেওঁলোকৰ বাবেও সমানেই বিপজ্জনক৷ এই কথা সুনিশ্চিত কৰাটো অত্যন্ত আৱশ্যক যে আফগানিস্তানৰ ভূমি যাতে কোনো কাৰণতে সন্ত্রাসবাদৰ বিস্তাৰ আৰু সন্ত্রাসবাদী কার্যকলাপৰ বাবে ব্যৱহাৰ কৰা নহয়৷ আমি এই কথাৰ প্রতিও সতর্ক দৃষ্টি ৰাখিব লাগিব যে সেই স্থানৰ দুর্বল স্থিতিৰ সুযোগ লৈ কোনো দেশে নিজৰ স্বার্থৰ বাবে সেই ভূখণ্ডক নিজৰ হাথিয়াৰ হিচাপে যেন ব্যৱহাৰৰ চেষ্টা নকৰে৷ এই সময়ত আফগানিস্তানৰ জনসাধাৰণক, দেশখনৰ মহিলা আৰু শিশুসকলক, দেশখনত থকা সংখ্যালঘুসকলক সহায়ৰ প্রয়োজন আৰু এইক্ষেত্রত আমি আমাৰ দায়িত্ব পালন কৰিব লাগিব৷
অধ্যক্ষ মহোদয়, সমুদ্র আমাৰ সামূহিক সম্পদ৷ সেই কাৰণে আমি এই কথা মনত ৰাখিব লাগিব যে সমুদ্রৰ সম্পদৰাজি আমি ব্যৱহাৰ কৰিব লাগিব, কিন্তু অপব্যৱহাৰ কৰিব নালাগিব৷ সমুদ্র হ’ল আন্তঃৰাষ্ট্রীয় বেপাৰ–বাণিজ্যৰ জীৱনৰেখা৷ সেয়েহে আমি ইয়াক আগ্রাসন আৰু পৃথকীকৰণৰ পৰা নিলগাই ৰাখিব লাগিব৷‘Rule based world order’ক শক্তিশালী কৰাৰ বাবে আন্তঃৰাষ্ট্রীয় সম্প্রদায়সমূহে একেলগে মাত মাতিব লাগিব৷ সুৰক্ষা পৰিষদত ভাৰতৰ অধ্যক্ষতাৰ কালত হোৱা সহমতত সামুদ্রিক সুৰক্ষা বিষয়ত বিশ্বক আগবাঢ়ি যোৱাৰ পথ নিদর্শন কৰা হৈছে৷
অধ্যক্ষ মহোদয়, ভাৰতৰ মহান কূটনীতিবিদ আচার্য চাণক্যই কেইবা শতিকা পূর্বে কৈছিল– ‘কালাতিক্রমাৎ কাল এৱ ফলং পিবতি’৷ অর্থাৎ, যেতিয়া সঠিক সময়ত সঠিক কার্য কৰা নহয়, তেতিয়া সময়েই সেই কার্যৰ সফলতাৰ পৰিসমাপ্তি ঘটায়৷ ৰাষ্ট্রসংঘই যদিহে নিজকে প্রাসংগিক কৰি ৰাখিব লাগে, তেতিয়া হ’লে ইয়াৰ কার্যকৰিতাৰ সংশোধন কৰিব লাগিব৷ ৰাষ্ট্রসংঘৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিব লাগিব৷ ৰাষ্ট্রসংঘৰ ওপৰত এতিয়া বহুতো প্রশ্ণৰ অৱতাৰণা হৈছে৷ এই প্রশ্ণসমূহ আমি জলবায়ু সংকটৰ সময়ত প্রত্যক্ষ কৰিছোঁ, ক’ভিডৰ সময়ত দেখিছেছা, বিশ্বৰ বিভিন্ন প্রান্তত চলি থকা ছায়াযুদ্ধ, আতংকবাদ ইত্যাদিতো প্রত্যক্ষ কৰিছেছা৷ আফগানিস্তানৰ সংকটৰ সময়ত এই প্রশ্ণসমূহ এতিয়া গভীৰভাৱে উত্থাপন হৈছে৷ ক’ভিডৰ উৎপত্তিস্থল সম্বন্ধে আৰুEase of doing business ৰেংকিং সন্দর্ভত বিশ্ব পৰিচালনাৰ সৈতে জডিত সংস্থাই দশকজোৰা পৰিশ্রমেৰে গঢ়ি তোলা নিজৰ বিশ্বাসযোগ্যতাক অৱনমিত কৰিছে৷ আৱশ্যকীয় কথাটো হ’ল যে আমি ৰাষ্ট্রসংঘক বিশ্বৰ ৰীতি, বিশ্বৰ আইন আৰু বিশ্বৰ মূল্যবোধ বজাই ৰখাৰ বাবে নিৰন্তৰভাৱে শক্তিশালী কৰিব লাগিব৷ ন’বেল পুৰস্কাৰেৰে সন্মানিত গুৰুদেৱ ৰবীন্দ্রনাথ ঠাকুৰৰ উক্তিৰে মই মোৰ বক্তব্যৰ সামৰণি মাৰিব বিচাৰিছোঁ– ‘শুভ কর্মপথে ধরো নির্ভয় গান/সব দুর্বল সংশয়/হোক অবসান’৷ অর্থাৎ নিজৰ শুভ কর্মপথত নির্ভীকতাৰে আগবাঢ়া, সকলো দুর্বলতা আৰু শংকা অৱসান হওক৷ এই বাণী আজিৰ ৰাষ্ট্রসংঘৰ প্রেক্ষাপটত যিমান প্রাসংগিক, সকলো দায়িত্বশীল দেশৰ বাবেও সিমানেই প্রাসংগিক৷ মই বিশ্বাস কৰোঁ যে আমাৰ সামগ্রিক প্রয়াসে বিশ্বত শান্তি আৰু আস্থাৰ বাতাৱৰণ বৃদ্ধি কৰিব৷ বিশ্বক সুস্থিৰ, সুৰক্ষিত আৰু সমৃদ্ধিশালী কৰি তুলিব৷ এই শুভকামনাৰে বহুত বহুত ধন্যবাদ৷
ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২৫ ছেপ্ঢেম্বৰত প্রদান কৰা ভাষণ

You might also like