নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ৭৫ টকীয়া স্মৃতি মুদ্ৰা

নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰঃ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি খাদ্য আৰু কৃষি সংস্থা (এফএও)ৰ ৭৫তম বাৰ্ষিকী উপলক্ষে ৭৫ টকা মূল্যৰ এক স্মাৰক মুদ্ৰা মুকলি কৰে। একে সময়তে শেহতীয়াকৈ বিকশিত ৮বিধ শস্যৰ ১৭বিধ জৈৱ-সংবৰ্ধিত প্ৰকাৰ দেশ নামত উৎসৰ্গিত কৰে।

মুদ্ৰা মুকলি কৰি প্ৰধান মন্ত্ৰী মোদীয়ে বিশ্বৰ বিভিন্ন প্ৰান্তত পুষ্টিহীনতাৰ দিশত নিৰন্তৰভাৱে কাম কৰি থকাসকলক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ কৃষক, কৃষি বিজ্ঞানী, অংগনৱাড়ী আৰু আশাকৰ্মীসকল পুষ্টিহীনতাৰ বিৰুদ্ধে কৰা আন্দোলনৰ বাবে এক শক্তিশালী স্তম্ভ।

উল্লেখ্য ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজমাতা বিজয়া ৰাজে সিন্ধিয়াৰ জন্ম শতবৰ্ষ উপলক্ষে ১০০ টকীয়া স্মাৰক মুদ্ৰা মুকলি কৰিছিল অলপ দিন আগতে।

You might also like