নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪ আগষ্ট ‘বিভাজন ভয়াৱহ স্মৰণ দিৱস’ হিচাপে পালন কৰা হ’ব

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ  ভাৰত বিভাজনৰ বেদনা কেতিয়াও পাহৰিব পৰা নাযাব৷ ১৪ আগষ্টৰ এই দিনটোক এতিয়াৰে পৰা ‘বিভাজন ভয়াৱহ স্মৰণ দিৱস’ হিচাপে পালন কৰা হ’ব৷ –এই ঘোষণা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷

ভাৰত বিভাজনৰ এই দিনটোক স্মৰণ কৰি প্রধানমন্ত্রী মোদীয়ে টুইটযোগে কয় যে বিভাজনৰ বেদনা কেতিয়াও পাহৰিব পৰা নাযায়৷ এই বিভাজনৰ সময়ত লক্ষ লক্ষ লোক ভগনীয়া হৈছিল৷ বিভাজনৰ সময়ত সংঘটিত জঘন্য ঘৃণা আৰু হিংসাৰ পৰিণতিত অনেকে জীৱন হেৰুৱাবলগীয়া হৈছিল৷

টুইটযোগে এই স্মৰণ কৰি প্রধানমন্ত্রী মোদীয়ে ১৪ আগষ্টৰ দিনটোক এতিয়াৰে পৰা বিভাজন ভয়াৱহ স্মৰণ দিৱস হিচাপে পালন কৰা হ’ব বুলি ঘোষণা কৰে৷ এই দিৱস পালনেৰে উক্ত সময়ত জনতাৰ ত্যাগ আৰু সংগ্রামৰ স্মৃতি সোঁৱৰণ কৰা হ’ব৷

আন এক টুইটত প্রধানমন্ত্রী মোদীয়ে কয় যে এই দিৱস উদযাপনৰ জৰিয়তে সামাজিক বিভেদৰ বিষবাষ্প আঁতৰ কৰাৰ লগতে সামাজিক সংহতি আৰু মানৱীয় সবলীকৰণক উদ্যম যোগোৱা হ’ব৷

উল্লেখ্য যে ১৯৪৭ চনত ব্রিটিছশাসিত ভাৰতবর্ষ দুভাগ হৈ ভাৰত আৰু মুছলিম দেশ পাকিস্তানৰ জন্ম হৈছিল৷ ১৪ আগষ্ট পাকিস্তানে স্বাধীনতা দিৱস হিচাপে পালন কৰে৷

You might also like