মহামাৰী ক’ৰোনাৰ বিৰুদ্ধে দৃঢ়তাৰে যুঁজি আমি নাও পাৰলৈ চপামঃ মোদী
প্রধানমন্ত্রীৰে মুখ্যমন্ত্রী সোণোৱাল–স্বাস্থ্যমন্ত্ৰী ড০ শর্মাৰ ভিডিঅ’ কনফাৰেঞ্চ
নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ দেশত ক’ভিড–১৯ৰ শেহতীয়া স্থিতি আৰু ক’ভিড–১৯ প্রতিৰোধী ভেকচিন ব্যৱস্থাপনা সম্পর্কত ৰাজ্যসমূহৰ মুখ্যমন্ত্রীসকলৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মঙলবাৰে এক উচ্চ পর্যায়ৰ বৈঠকত মিলিত হয়৷ ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে আয়োজিত এই বৈঠকত দেশৰ প্রতিখন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ মুখ্যমন্ত্রী তথা প্রশাসকসকলে অংশগ্রহণ কৰে৷ বৈঠকত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সামগ্রিকভাৱে দেশত তথা বিশেষকৈ সর্বাধিক প্রভাৱিত ৮খন ৰাজ্য ক্রমে হাৰিয়ানা, দিল্লী, ছত্তিশগড, কেৰালা, মহাৰাষ্ট্র, ৰাজস্থান, গুজৰাট আৰু পশ্চিমবংগত ক’ভিড–১৯ সংক্রমণৰ শেহতীয়া স্থিতি আৰু ইয়াৰ ব্যৱস্থাপনা সন্দর্ভত বিতংভাৱে পর্যালোচনা কৰে৷ বৈঠকত দেশত ক’ভিড–১৯ প্রতিৰোধী ভেকচিনৰ প্রস্তুতি, যোগান, বিতৰণ আৰু জনসাধাৰণক ভেকচিন প্রদানৰ পৰিকল্পনাৰ বিষয়েও বিস্তৃতভাৱে আলোচনা কৰা হয়৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেও অংশগ্রহণ কৰা এই বৈঠকত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ব্রহ্মপুত্র ৰাজ্যিক অতিথিশালাৰ পৰা ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে অংশগ্রহণ কৰে৷ এই উচ্চ পর্যায়ৰ বৈঠকত অধ্যক্ষতা কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে কেন্দ্রীয় চৰকাৰ, দেশৰ প্রতিখন প্রদেশ আৰু দেশবাসীৰ ঐক্যবদ্ধ প্রচেষ্টাত ক’ভিড–১৯ অতিমাৰীৰ বিৰুদ্ধে যুঁজত আমাৰ দেশে উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ আজি বিশ্বৰ অধিকাংশ দেশৰ তুলনাত এই মহামাৰীত ভাৰতবর্ষৰ আৰোগ্যৰ হাৰ আৰু মৃত্যুৰ পৰিসংখ্যা যথেষ্ট সন্তোষজনক৷ তেওঁ কয় যে সকলোৰে ঐক্যবদ্ধ প্রচেষ্টাত সংকটৰ এই মহাসমুদ্রৰ পৰা উদ্ধাৰ হৈ পাৰত উপনীত হৈছোঁ৷ ক’ৰোনাৰ বিৰুদ্ধে দৃঢ়তাৰে যুঁজি আমি নাও পাৰলৈ চপাম৷ ক’ভিড–১৯ৰ বিৰুদ্ধে এই দীঘলীয়া যুঁজখনৰ বিভিন্ন পর্যায়ত দেশৰ জনসাধাৰণে প্রদর্শন কৰা সঁহাৰিক চাৰিটা স্তৰত ভগাব পাৰি বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে প্রথম অৱস্থাত এই মহামাৰীক লৈ ৰাইজ ভয়–সংশয় আৰু আতংকত ভুগিছিল যদিও সম্প্রতি দেশত আৰোগ্যৰ সংখ্যা বাঢ়ি অহাৰ লগে লগে দেশবাসীয়ে ইয়াক সহজে গ্রহণ কৰিবলৈ আৰম্ভ কৰিছে৷ কিন্তু ক’ভিড–১৯ৰ বিৰুদ্ধে এই যুঁজখন আমি কোনোপধ্যেই ঢ়িলাই দিয়া উচিত নহয় বুলি উল্লেখ কৰি এইক্ষেত্রত ৰাইজক সজাগ–সচেতন কৰাৰ বাবে অধিক মনোনিৱেশ কৰিবলৈ তেওঁ ৰাজ্য চৰকাৰসমূহৰ প্রতি আহ্বান জনায়৷
দেশত ক’ভিড–১৯ৰ আৰ টি পি চি আৰ টেষ্টৰ পৰিমাণ যথাসম্ভৱ বৃদ্ধি কৰা আৰু স্থানীয় পর্যায়ত জনসাধাৰণক সজাগ–সচেতন কৰাৰ জৰিয়তে সংক্রমণ আৰু মৃত্যুৰ হাৰ যথাসম্ভৱ হ্রাস কৰাৰ বাবে ৰাজ্য প্রশাসনসমূহক অধিক দায়িত্বশীল ভূমিকা গ্রহণ কৰিবলৈ তেওঁ আহ্বান জনায়৷ দেশৰ প্রতিখন ৰাজ্যকে অক্সিজেন উৎপাদনৰ ক্ষেত্রত আত্মনির্ভৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্রধানমন্ত্রীয়ে কয় যে পি এম কেয়াৰ পুঁজিৰ জৰিয়তে ইতিমধ্যে অক্সিজেন আৰু ভেণ্টিলেচনৰ সুবিধা অধিক হাৰত উপলব্ধ কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰা হৈছে৷ দেশত ১৬০টাৰো অধিক নতুন অক্সিজেন উৎপাদন গোট স্থাপনৰ পদক্ষেপ হাতত লোৱা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে৷ আজিৰ বৈঠকত প্রধানমন্ত্রীয়ে দেশত ক’ভিড–১৯ প্রতিৰোধী ভেকচিন ব্যৱস্থাপনা সন্দর্ভতো বিস্তৃতভাৱে পর্যালোচনা কৰে৷ নিটি আয়োগৰ সদস্য ড০ ভি কে পালে এক প্রেজেণ্টেচনযোগে দেশত এই ভেকচিনৰ যোগান, বিতৰণ আৰু ভেকচিন প্রদানৰ প্রস্তুতিৰ পৰিকল্পনা সন্দর্ভত এক কর্ম আঁচনি দাঙি ধৰে৷ দেশৰ প্রতিগৰাকী নাগৰিকৰ বাবে ক’ভিড ভেকচিন উপলব্ধ কৰাটোক চৰকাৰৰ অন্যতম ৰাষ্ট্রীয় দায়বদ্ধতা বুলি মন্তব্য কৰি এইক্ষেত্রত ৰাজনৈতিক ভেদাভেদ পাহৰি সকলো ৰাজ্যকে একেলগে কাম কৰিবলৈ প্রধানমন্ত্রীয়ে আহ্বান জনায়৷ তেওঁ কয় যে দেশত ভেকচিনৰ বহুকেইটা পৰীক্ষা আশাপ্রদভাৱে আগবাঢ়িছে৷ দেশবাসীক প্রদান কৰাৰ আগতে এই ভেকচিন সকলো বৈজ্ঞানিক পৰীক্ষাত উত্তীর্ণ হ’ব লাগিব৷ সকলোৰে সৈতে আলাপ–আলোচনাৰ জৰিয়তেহে এই গুৰুত্বপূর্ণ বিষয়টোত চূডান্ত সিদ্ধান্তত ডপনীত হোৱা যাব বুলি মন্তব্য কৰি এইক্ষেত্রত ৰাজ্যসমূহৰ কিবা পৰামর্শ থাকিলে সেয়া লিখিত ৰূপত যথাসম্ভৱ সোনকালে প্রেৰণ কৰিবৰ বাবে তেওঁ মুখ্যমন্ত্রীসকলৰ প্রতি আহ্বান জনায়৷ বৈঠকত ক’ভিড–১৯ৰ দ্বাৰা সর্বাধিক প্রভাৱিত ৮খন ৰাজ্যৰ মুখ্যমন্ত্রীসকলে সংশ্লিষ্ট ৰাজ্যসমূহত এই মহামাৰীৰ শেহতীয়া স্থিতি আৰু ইয়াক নিয়ন্ত্রণৰ বাবে গ্রহণ কৰা পদক্ষেপ সন্দর্ভত প্রধানমন্ত্রীক অৱগত কৰে৷ বৈঠকত বহুকেইগৰাকী মুখ্যমন্ত্রীয়ে দেশত ক’ভিড–১৯ ভেকচিন ব্যৱস্থাপনা সন্দর্ভত নিজৰ দিহা–পৰামর্শও প্রধানমন্ত্রীক অৱগত কৰে৷ দেশৰ প্রতিখন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ মুখ্যমন্ত্রী তথা প্রশাসকসকলে অংশগ্রহণ কৰা এই বৈঠকত কেন্দ্রীয় চৰকাৰৰ বহুকেইটা গুৰুত্বপূর্ণ মন্ত্রালয়ৰ বিষয়ববীয়াসকলে অংশগ্রহণ কৰে৷ মুখ্যমন্ত্রীৰ চৰকাৰী আৱাসৰ পৰা ভিডিঅ’ কনফাৰেঞ্চিংযোগে অংশগ্রহণ কৰা এই বৈঠকত মুখ্যমন্ত্রী সোণোৱালৰ লগতে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা তথা স্বাস্থ্য বিভাগকে ধৰি ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহৰ উচ্চপদস্থ বিষয়াসকলো ডপস্থিত থাকে৷ বৈঠকত স্বাস্থ্য বিভাগৰ লগতে কেইবাটাও বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷