নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩ মে’ৰ পাছত কি হ’ব, লকডাউন বৃদ্ধি কৰা হ’ব নে উঠাই লোৱা হ’ব?

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ অহা ৩ মে’ত অন্ত পৰিব দ্বিতীয় পৰ্যায়ৰ লক ডাউন। কিন্তু দ্বিতীয় পৰ্যায়ৰ লক ডাউন সমাপ্ত হোৱাৰ পূৰ্বে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি আলোচনাত মিলিত হয় দেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে। এই আলোচনাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আহিবলগীয়া দিনবোৰতো ক’ৰোনা ভাইৰাছৰ প্ৰভাৱ থাকিব। এতিয়া আমি পৰৱৰ্তী পৰ্যায়ৰ কথা ভবাৰ সময় সমাগত। প্ৰতিক্ষণত  দেশবাসীক মাস্ক পৰিধান কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰীগৰাকীৰ।

দেশৰ অৰ্থনীতিৰ লগতে আমি এই ভাইৰাছৰ সৈতেও যুদ্ধ অব্যাহত ৰাখিব লাগিব। লক ডাউনৰ সুফল হিচাপে আমি বহুজনৰ জীৱন ৰক্ষা কৰিব পাৰিছো। সময়ৰ কথা সময়ত চিন্তা কৰাৰ বাবেই আজি  আমি এই পৰ্যায়ত উপস্থিত হৈছোহি বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। 

ক’ৰোনা ভাইৰাছ দ্ৰুত গতিত সংক্ৰমণ হোৱাৰ বাবেই  দিল্লী, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ,পশ্চিমবংগ, পঞ্জাৱ আৰু উৰিষ্যাই লক ডাউন বৃদ্ধিৰ পোষকতা কৰিছে। আনহাতে গুজৰাট, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু কৰ্ণাটককে ধৰি কেইবাখনো ৰাজ্যই কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশাৱলী মানিব বুলি মন্তব্য কৰিছে বৈঠকত।

আনহাতে আজি বিয়লি অনুষ্ঠিত হ’ব ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকতে  অসমে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশাৱলী গ্ৰহণ কৰিবনে, আৰু দোকান-পোহাৰ খোলা সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা।

You might also like