নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: নতুন দিল্লীত আর্মী ৰিছার্চ এণ্ড ৰেফাৰেল হাস্পতালত চিকিৎসাধীন হৈ থকা প্রাক্তন ৰাষ্ট্রপতি প্রণৱ মুখার্জী গভীৰ ক’মাত আছে৷ যোৱা ১০ আগষ্টত চিকিৎসাধীন হোৱা প্রাক্তন ৰাষ্ট্রপতিগৰাকীক বিগত কেইবাদিনো ধৰি ভেণ্টিলেটৰত ৰখা হৈছে৷ সেনা চিকিৎসালয়ৰ বিবৃতিত প্রকাশ পোৱা মতে, প্রাক্তন ৰাষ্ট্রপতিগৰাকী গভীৰ ক’মাত আছে আৰু তেওঁৰ পেৰামিটাৰ সুস্থিৰ হৈ আছে৷ ৮৪ বছৰীয়া মুখার্জীৰ শ্বাস–প্রশ্বাসজনিত সংক্রমণৰ চিকিৎসা চলাই থকা হৈছে আৰু তেওঁক ধাৰাবাহিকভাৱে ভেণ্টিলেটৰত ৰখা হৈছে৷
উল্লেখ্য যে চিকিৎসালয়ত ভর্তি হোৱাৰ সময়ত ক’ভিড–১৯ত আক্রান্ত হোৱা প্রাক্তন ৰাষ্ট্রপতি মুখার্জীৰ মগজুৰ জটিল অস্ত্রোপচাৰ কৰাৰ পিছতেই স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু তেতিয়াৰ পৰাই তেওঁক ভেণ্টিলেটৰত ৰখা হৈছে৷ মুখার্জীয়ে ২০১২ চনৰ পৰা ২০১৭ চনলৈকে দেশৰ ত্রয়োদশ ৰাষ্ট্রপতি হিচাপে কার্যনির্বাহ কৰিছিল৷