নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেনে আছে প্ৰণৱ মুখাৰ্জী? সেনা হাস্পতালে দিলে বিবৃতি

নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ কোনো পৰিৱৰ্তন নাই, একেদৰে আছে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্য। ক’মা অৱস্থাতে আছে তেওঁ, কোনো পৰিৱৰ্তন দেখিবলৈ পোৱা হোৱা নাই।

দিল্লীস্থিত আৰ্মী ৰিছাৰ্চ এণ্ড ৰেফাৰেল হাস্পতালৰ তৰফৰ পৰা জানিবলৈ দিছে এই কথা। ভেণ্টিলেচনত থকা প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি আছে। ক’ভিড-১৯ত আক্ৰান্ত মুখাৰ্জীয়ে নিজে টুইট কৰি দেশবাসীক জনাইছিল ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ খবৰ।

ইয়াৰ পিছত হাস্পতালত ভৰ্তি হোৱাত তেওঁৰ মগজুত ৰক্ত জমা হোৱা বাবে অস্ত্ৰোপচাৰ কৰা হয়। প্ৰথম অৱস্থাত বেয়ালৈ গতি কৰে তেওঁৰ স্বাস্থ্য। শেষত ভেণ্টিলেচনত ৰাখিব লগা হয় মুখাৰ্জীক। প্ৰথমাৱস্থাৰ দৰে সংকট নাই যদিও এতিয়াও ক’মা অৱস্থাতে আছে তেওঁ।

You might also like