নিয়মীয়া বাৰ্তা ২২ ডিচেম্বৰঃ নির্বাচনী ৰণকৌশল প্রস্তুতকর্তা হিচাপে পৰিচিত প্রশান্ত কিশোৰে আজি ঘোষণা কৰিছে যে বিজেপিয়ে পশ্চিমবংগত আগন্তুক বিধানসভা নির্বাচনত ১০ৰ ঘৰ অতিক্রম কৰিবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হ’ব৷ পূর্বে কেতিয়াও প্রশান্ত কিশোৰে এনেদৰে সংবাদ মাধ্যমৰ আগত নির্বাচনৰ ভৱিষ্যদ্বাণী কৰা নাছিল৷ নেতাগৰাকীয়ে উল্লেখ কৰা অনুসৰি তেওঁ যি ভৱিষ্যদ্বাণী কৰিছে তাতকৈ বিজেপিয়ে ভাল ফল দেখুৱালে বর্তমান তেওঁ যি স্থানত আছে তাৰ পৰা আঁতৰি থাকিব৷
স্মর্তব্য যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ দুদিনীয়া পশ্চিমবংগ ভ্রমণৰ সময়ত কেইবাগৰাকীও তৃণমূল কংগ্রেছৰ তথা অন্যান্য দলৰ নেতাই বিজেপিত যোগদান কৰা বিষয়টো সন্দর্ভত বিজেপিৰ সমর্থিত সংবাদ মাধ্যমে বৃহৎ ঘটনা হিচাপে প্রতিফলিত কৰিব বিচাৰিছে বুলি অভিযোগ কৰিছে কিশোৰে৷ ইফালে প্রশান্ত কিশোৰৰ এই মন্তব্যৰ পিছতে বিজেপি নেতা বিজয় বর্গিয়ই উল্লেখ কৰিছে যে আগন্তুক নির্বাচনৰ পিছতে দেশে এগৰাকী নির্বাচনী ৰণকৌশল প্রস্তুতকর্তাক হেৰুৱাব৷