নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ১৭ ছেপ্ঢেম্বৰত ৭১সংখ্যক জন্মদিনৰ পৰাই বিজেপিয়ে আৰম্ভ কৰিব বিশাল কার্যসূচী ‘সেৱা আৰু সমর্পণ অভিযান’৷ প্রধানমন্ত্রী মোদীৰ ২০ বছৰীয়া ৰাজহুৱা সেৱাৰ প্রতি সন্মান জনাই বিজেপিয়ে এই অভিযান ২০ দিন ধৰি উদযাপন কৰিব৷ কার্যসূচীত দলটোৱে চাফাই অভিযান আৰু ৰক্তদান অভিযানৰ লগতে কেইবাটাও কার্যসূচী গ্রহণ কৰিব৷ বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই ইতিমধ্যে সকলো ৰাজ্যৰ বিজেপিৰ গোটলৈ এই কার্যসূচী পালন কৰিবলৈ নির্দেশ দিছে৷ এই কার্যসূচীৰ সময়ত দেশৰ বিজেপি বুথৰ পৰা ৫ কোটি পোষ্টকার্ড প্রধানমন্ত্রী নৰেন্দ্র মোদীক অভিনন্দন জনাই প্রেৰণ কৰিব৷ এই অভিযানত দেশৰ দৰিদ্র জনগণক বিনামূলীয়াকৈ খাদ্য যোগান আৰু টিকাকৰণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি অভিযান চলাব৷
প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ জীৱনৰ আধাৰত বিশেষ প্রদর্শনী আয়োজন কৰিব দেশৰ প্রতিটো প্রান্তে প্রান্তে৷ এই সময়ছোৱাত সকলো জনপ্রতিনিধিয়ে ৰেচনৰ বিনামূলীয়া কেন্দ্রলৈ গৈ প্রধানমন্ত্রী মোদীক ধন্যবাদ দিয়াৰ বাবে ভিডি’ ক্লিপ ৰেকডিং কৰিব৷ উত্তৰ প্রদেশৰ গংগা নদীৰ ৭১ স্থানত চাফাই অভিযান চলাব৷