নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোনে দিলে তালিবানী শাস্তি, দিল্লীত ভৰ দুপৰীয়া চাঁদত হাত-ভৰি বন্ধা এটি শিশু

বিশেষ বাৰ্তা, ৯ জুনঃ হাত ভৰি ৰছীৰে বান্ধি থোৱা, প্ৰখৰ ৰ’দত ঘৰৰ চাঁদত পৰি থকা পাঁচ বছৰীয়া ছোৱালীজনীয়ে নিজকে মুক্ত কৰিবলৈ বৰকৈ চেষ্টা কৰিছে। আৰু পিছত বিষতে চিঞৰিবলৈ আৰম্ভ কৰে তাই। গৰমত হয়তো তাইৰ ছালখন পুৰিছে। দিল্লীৰ এটি শিশুৰ এই ভিডিঅ’টোৱে ইণ্টাৰনেটত ভাইৰেল হৈ পৰাত দিল্লী আৰক্ষীয়ে তেওঁৰ পৰিয়ালৰ খবৰ ল’বলৈ বাধ্য হয়। পাছত গ’ম পোৱা যায় যে এয়া মাকে দিয়া “শাস্তি” আছিল। আৰক্ষীয়ে লাভ কৰা তথ্যত প্ৰকাশ যে ভিডিঅ’টো খাজুৰি খাছ অঞ্চলৰ। আৰক্ষীয়ে সোধা-পোছা কৰাত মাকে কয় যে তেওঁ স্কুলৰ হোমৱৰ্ক সম্পূৰ্ণ নকৰাৰ বাবে কন্যাক মাত্ৰ ৫-৭ মিনিটৰ বাবেহে শাস্তি দিছিল। ২৫ ছেকেণ্ডৰ ভিডিঅ’টো ওচৰৰ কোনো ঘৰৰ পৰা শ্বুট কৰা বুলি কোৱা হৈছে। এগৰাকী মহিলাই ভিডিঅ’টোত কয় যে মাকে ভৰ দুপৰীয়াৰ ২ বজাৰ গৰমত শিশুটিক চাঁদত থৈ গৈছিল। পিছত আৰক্ষীয়ে টুইট কৰি কয় যে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

You might also like