নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ ব্যৱস্থাপনাঃ মোদী চৰকাৰক কঠোৰ সমালোচনা ৰাহুল গান্ধীৰ

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ ক’ভিড–১৯ ব্যৱস্থাপনা, জিডিপি নিম্নগামী আৰু সংস্থাপন হেৰুওৱাক লৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন এনডিএ চৰকাৰক কালি পুনৰ কঠোৰ ভাষাৰে সমালোচনা কৰে কংগ্রেছৰ প্রাক্তন সভাপতি তথা ৰাহুল গান্ধীয়ে৷

মোদী চৰকাৰক আক্রমণৰ লক্ষ্য কৰি লৈ কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে টুইটাৰত কয় যে ক’ভিড–১৯ৰ বিৰুদ্ধে সুপৰিকল্পিত যুঁজৰ বাবে দেশখনত জিডিপি ইতিহাসৰ সবাতোকৈ সর্বনিম্ন ২৪ শতাংশলৈ নামি আহিল৷ ১২ কোটিয়ে সংস্থাপন হেৰুৱালে৷

ক’ভিড–১৯ত আক্রান্ত হোৱাৰ সংখ্যা প্রতিদিনে বৃদ্ধি পাই আছে, মৃত্যু সংখ্যাও বাঢ়ি গৈ আছে, কিন্তু মোদী চৰকাৰ আৰু মিডিয়াই ইয়াৰ বিপৰীত ছবি প্রতিফলিত কৰি আছে৷

You might also like