কৃষকৰ প্রতিবাদৰ সামৰণি, পুনৰ পঞ্জাবত ৰে’লসেৱা আৰম্ভ
নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ তিনি কৃষি আইন বাতিলৰ দাবীত অমৃতসৰ, দিল্লী ৰে’লপথ অৱৰোধ কৰি থকা কৃষকসকলে প্রতিবাদী কার্যসূচীৰ অন্ত পেলাইছে৷ পঞ্জাবত আগন্তুক দিনত ঘেঁহু খেতিৰ ফচল চপোৱাৰ বাবেই কৃষক সকলে ৰে’ল অৱৰোধ কার্যসূচী প্রত্যাহাৰ কৰিছে৷ কালি কৃষকৰ ১৬৯ দিনীয়া ৰে’ল অৱৰোধ কার্যসূচীৰ অন্ত পৰাৰ লগে লগে ৰে’লসেৱা পুনৰ আৰম্ভ হৈছে পঞ্জাবত৷ কিষাণ মজদুৰ সংঘর্ষ কমিটীৰ নেতা ছাবিন্দৰ সিঙে সকলো প্রতিবাদী কৃষক সংগঠনৰ সৈতে আলোচনামর্মে এই ৰে’লপথ দখল প্রতিবাদী কার্যসূচীৰ অন্ত পেলাইছে৷ স্মর্তব্য যে কৃষকসকলে এই দীর্ঘদিনীয়া ধর্ণাৰ সময়ছোৱাত কেবল যাত্রীবাহী ৰে’ল অৱৰোধ কৰিছিল৷ সংবাদ সংস্থা পিটিআইৰ প্রতিবেদন অনুসৰি আজিৰে পৰা পুনৰ পঞ্জাবত আৰম্ভ হৈছে যাত্রীবাহী ৰে’লৰ চলাচল৷