নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সহায়ৰ বাবে ৰে’লৱেৰ সংহত হেল্পলাইন নম্বৰ ১৩৯

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃঃ সকলোধৰণৰ সহায়ৰ বাবে ভাৰতীয় ৰে’লৱে সংহত হেল্পলাইন নম্বৰ ১৩৯ মুকলি কৰিছে৷ ৰে’লত যাত্রাৰ সময়ত যাত্রীসকলে সকলোধৰণৰ অনুসন্ধান, অভিযোগ আৰু সহায়ৰ বাবে সংহত ৰে’ল মদদ হেল্প নম্বৰ ১৩৯ দেশৰ ১২টা ভাষাত উপলব্ধ হ’ব৷

ৰে’লৱে মন্ত্রালয়ে ইতিমধ্যে এই হেল্পলাইন নম্বৰটোৰ প্রচাৰ আৰম্ভ কৰি সকলো ধৰণৰ যাত্রীক এই সম্পর্কে তথ্য জনোৱাৰ লগতে যাত্রীক শিক্ষিত কৰাৰ অর্থে ছ’চিয়েল মিডিয়াত অভিযান মুকলি কৰিছে৷ যাত্রীসকলে হেল্পলাইন নাম্বাৰ ১৩৯ অভিযোগ নিজৰ মাতৃভাষাতে জনাব পাৰিব৷ এই হেল্পলাইন নম্বৰটোৰ সৈতে যোগাযোগ কৰিবলৈ কোনো স্মার্ট ফোনৰ প্রয়োজন নহ’ব৷

সাধাৰণ ম’বাইলৰ জৰিয়তে যাত্রীয়ে নম্বৰটোত যোগাযোগ কৰি নিজৰ অসুবিধা, অভিযোগ আদি জনোৱাৰ লগতে অভিযোগো দাখিল কৰিব পাৰিব৷ মন কৰিবলগীয়া যে বিগত বর্ষৰ পৰা ৰে’লৱে বিভাগৰ বিভিন্ন মণ্ডলৰ ৰে’ল হেল্পলাইন নম্বৰসমূহ বিকল হৈ আছে৷ বিকল হৈ থকা নম্বৰসমূহ নতুন হেল্পলাইন নম্বৰটোৰ সৈতে সংযুক্ত কৰা হ’ব৷

You might also like