বিহাৰত মহাজোঁটক তীব্র সমালোচনা ৰাজনাথ সিঙৰ
নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ আগন্তুক ২৮ অক্টোবৰৰ পৰা তিনিটা পর্যায়ত অনুষ্ঠিত হ’বলগীয়া বিহাৰ বিধানসভা নির্বাচনৰ প্রচাৰ অভিযানত কালি প্রতিৰক্ষামন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা ৰাজনাথ সিঙে আৰ জে ডি নেতৃত্বাধীন মহাজোঁটক তীব্র সমালোচনা কৰে৷
মহাজোঁটৰ মূল অংশীদাৰ আৰ জে ডিৰ প্রতীকচিহ্ণ লণ্ঠনৰ এতিয়া তেল বাহিৰলৈ ওলোৱা বুলি কটাক্ষ কৰি ৰাজনাথ সিঙে কয় যে কংগ্রেছৰ হাতে এইক্ষেত্রত কোনো ধৰণৰ কাম কৰা নাই৷ কেন্দ্রীয় চৰকাৰৰ আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ ২৫ লাখ লোক উপকৃত হোৱা বুলিও উল্লেখ কৰে সিঙে৷
উল্লেখনীয় যে আগন্তুক ৬ দিনৰ ভিতৰত প্রতিৰক্ষামন্ত্রীগৰা বিহাৰত ১৮খনতকৈ অধিক নির্বাচনী সভাত অংশগ্রহণ কৰিব৷ বিহাৰ বিধানসভা নির্বাচনত বিজেপিয়ে মুঠ ১২১খন আসনত প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে৷