নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ কেন্দ্রীয় চৰকাৰৰ তিনি কৃষি আইন বাতিলৰ দাবীত উত্তৰ প্রদেশৰ মুজাফ্ফৰনগৰত বিশাল কৃষকৰ সমাৱেশৰ পিছত সাংবাদিকৰ সৈতে হোৱা কথোপকথনত প্রধানমন্ত্রী নৰেন্দ্র মোদীক প্রত্যক্ষ আক্রমণ কৰে কৃষক নেতা ৰাকেশ টিকাইটে৷ ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইটে কৃষকৰ আন্দোলন অধিক তীব্রতৰ হৈ উঠিব বুলি হুংকাৰ দি প্রধানমন্ত্রীক আক্রমণৰ লক্ষ্য কৰি লয়৷ কৃষক নেতাগৰাকীয়ে কয় যে গুজৰাটৰ পৰা প্রধানমন্ত্রীগৰাকী নির্বাচনত অৱতীর্ণ হ’লে কিম্বা নির্বাচন খেলিলে হাৰিব৷ বিজেপিয়ে গুজৰাট ধ্বংস কৰিছে৷ তেওঁলোকে ৰাজ্যখনক আৰক্ষীৰ ৰাজ্যলৈ ৰূপান্তৰিত কৰিছে৷
উত্তৰ প্রদেশৰ যোগী চৰকাৰৰ বিৰুদ্ধে কালি বিশাল প্রতিবাদ সাব্যস্ত কৰা কৃষক সংগঠনসমূহে কয়, পৰৱর্তী সময়ত এই আন্দোলন অধিক ক্ষিপ্রতৰ কৰি তোলা হ’ব৷ উল্লেখ্য যে যোৱা নৱেম্বৰৰ পৰা নতুন দিল্লীৰ সীমান্তত চলি থকা কৃষক আন্দোলনকাৰীৰ সৈতে চৰকাৰে কেইবাবাৰো আলোচনাত মিলিত হৈছে যদিও নিজৰ স্থিতিত অটল প্রতিবাদী কৃষক৷