নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজনত অংশ ল’ব ২৫০ অতিথিয়ে

উপস্থিত থাকিব ৰাম মন্দিৰ আন্দোলনৰ জ্যেষ্ঠ নেতা

নিয়মীয়া বাৰ্তা ২১ জুলাইঃ অহা ৫ আগষ্টত অনুষ্ঠিত হ’বলগীয়া অযোধ্যাৰ বহু প্রতীক্ষিত ৰাম মন্দিৰ নির্মাণৰ ভূমি পূজনত অংশগ্রহণ কৰিব দেশৰ বিভিন্ন প্রান্তৰ ২৫০ অতিথিয়ে৷ ইতিমধ্যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এই ভূমি পূজনত অংশ লোৱাটো নিশ্চিত হোৱাৰ পিছত ২৫০ অতিথিক আমন্ত্রণৰ বাবে প্রস্তুতি চলাইছে শ্রীৰাম জন্মভূমি তীর্থক্ষেত্র নিধিয়ে৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রচাৰিত বাতৰি মতে, ৰাম মন্দিৰ আন্দোলনত জড়িত জ্যেষ্ঠ নেতাসকলৰ লগতে অযোধ্যাৰ গুৰুত্বপূর্ণ সাধু–সন্যাসীসকলেও এই ভূমি পূজনত অংশগ্রহণ কৰিব৷ এই অনুষ্ঠানত বিশ্ব হিন্দু পৰিষদ আৰু ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ কেইবাজনো জ্যেষ্ঠ নেতাক আমন্ত্রণ জনোৱা হ’ব৷ কেইবাগৰাকীও জ্যেষ্ঠ কেন্দ্রীয় মন্ত্রী আৰু উত্তৰ প্রদেশৰ বছা বছা মন্ত্রী এই ভূমি পূজনত অতিথি হিচাপে উপস্থিত থাকিব বুলি শ্রীৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাসে প্রকাশ কৰিছে৷ মন কৰিবলগীয়া যে ৫ আগষ্টৰ পুৱা ১১ বজাৰ পৰা দিনৰ ১.১০ বজালৈ এই অনুষ্ঠানত উপস্থিত থাকিব প্রধানমন্ত্রী মোদী৷

You might also like