নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীলংকাৰ সীতাৰ ‘বন্দী স্থান’ৰ পৰা অনা শিল ব্যৱহাৰ হ’ব মন্দিৰত

শ্রীলংকাৰে যোগাযোগ ৰাম জন্মভূমি ন্যাসৰ

নিয়মীয়া বাৰ্তা ২০ মাৰ্চঃ অযোধ্যাত নির্মাণ কৰিবলগীয়া ৰাম মন্দিৰৰ বাবে এটা শিল অনা হ’ব শ্রীলংকাৰ সীতা এলিয়াৰ পৰা৷ সীতা এলিয়াত ৰামায়ণৰ সীতাৰ নামত আছে এটা মন্দিৰ৷ এই সীতা এলিয়াতে ৰাৱণে বন্দী কৰি ৰাখিছিল সীতাক৷ আজিও সেই প্রবাদ ধর্ম বিশ্বাসীসকলে মানি আহিছে৷ সীতা এলিয়াৰ পৰা এটা শিল আনি অযোধ্যাত নির্মাণ কৰিবলগীয়া ৰাম মন্দিৰটোত ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছে ৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাসে৷ সীতা এলিয়াৰ বন্দীগৃহৰ পৰাই ৰামক প্রার্থনা জনাইছিল সীতাই৷ ৰাৱণৰ হাতৰ পৰা মুক্ত কৰিবলৈ সীতাই ৰামক এই বন্দীগৃহৰ পৰাই প্রার্থনা কৰিছিল বুলি আজিও জনশ্রুতি চলি আছে৷

উল্লেখনীয় যে শ্রীলংকান উচ্চায়ুক্তৰ কার্যালয়ে ভাৰতলৈ এই শিলটো অনাৰ ব্যৱস্থা কৰিব বুলি ৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাসৰ সাধাৰণ সম্পাদক চম্পট ৰায়ে সংবাদ মাধ্যমক জনাইছে৷

You might also like