নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম’বাইল প্রস্তুতত চীনক অতিক্রম কৰিব ভাৰতেঃ ৰবিশংকৰ প্রসাদ

নিয়মীয়া বাৰ্তা ১৫ ডিচেম্বৰঃ  ম’বাইল ফোন প্রস্তুতৰ ক্ষেত্রত চীনক অতিক্রম কৰাৰ লক্ষ্য লৈছে ভাৰতে৷ প্রডাকচন–লিংকড ইনচেণ্টিভ (পিএলআই) আঁচনিৰ অধীনত বিশ্বৰ বৃহৎ প্রযুক্তি সংস্থাসমূহক ভাৰতত বিনিয়োগ কৰিবলৈ প্রচেষ্টা চলাব চৰকাৰে৷ টেলিকম তথা তথ্য প্রযুক্তি মন্ত্রী ৰবিশংকৰ প্রসাদে   এই কথা ঘোষণা কৰিছে৷

মন্ত্রীগৰাকীয়ে উল্লেখ কৰা অনুসৰি ম’বাইলৰ উপৰি অন্যান্য বৈদ্যুতিন সামগ্রী প্রস্তুতৰ ক্ষেত্রত ভাৰতক এক কেন্দ্র হিচাপে গঢ়ি তোলাৰ সংকল্প চৰকাৰে গ্রহণ কৰিছে৷ লক্ষণীয়ভাৱে পিএলআই আঁচনিৰ অন্যান্য উৎপাদন ক্ষেত্রলৈ সম্প্রসাৰিত কৰাৰ চিন্তা–চর্চা চলাইছে চৰকাৰে৷ ঔদ্যোগিক সংস্থা এফআইচিচিআইৰ বার্ষিক সাধাৰণ সভাত অংশগ্রহণ কৰি মন্ত্রীগৰাকীয়ে কয় যে ভাৰতে বিশ্বৰ ভিতৰতে ম’বাইল প্রস্তুতৰ ক্ষেত্রত দ্বিতীয় স্থান দখল কৰিবলৈ সংকল্পবদ্ধ হৈছে৷ এইক্ষেত্রত পিএলআই আঁচনিৰ অধীনত সঠিক দিশেৰে আগবাঢ়িলে ভাৰতে চীনক শীঘ্রে ম’বাইল ফোন প্রস্তুতৰ ক্ষেত্রত অতিক্রম কৰি যাবলৈ সক্ষম হ’ব বুলিও মন্ত্রী ৰবিশংকৰ প্রসাদে মন্তব্য কৰিছে৷

স্মর্তব্য যে ২০১৭ চনত ম’বাইল প্রস্তুতৰ ক্ষেত্রত ভাৰতে দ্বিতীয় স্থান দখল কৰিছিল৷ ২০১৯ চনত নেচনেল পলিচী অন ইলেক্ট্রনিকছে সম্ভাৱনা প্রকট কৰা অনুসৰি ২০২৫ৰ ভিতৰত বৈদ্যুতিন সামগ্রী প্রস্তুতৰ ক্ষেত্রত ২৬ লাখ কোটি টকাতকৈ অধিক ধন আহৰণ কৰাটো সম্ভৱ হ’ব৷ ইয়াৰ ভিতৰত ১৩ লাখ কোটি টকা ম’বাইল ফোন প্রস্তুতৰ জৰিয়তে সংগ্রহ হ’ব বুলি আশা কৰিছে কেন্দ্রীয় চৰকাৰে৷ স্মর্তব্য যে গোলকীয় কোম্পানী সমূহক আকর্ষিত কৰিবলৈ ভাৰতে পিএলআই আঁচনি যুগুত কৰিছে৷

You might also like