ভানুৰেখা গণেশন ওৰফে ৰেখাৰ অজস্র ছবিৰ নেপথ্য গায়িকা লতা মংগেশকাৰ। সেই সুবাদতে দুই তাৰকাৰ গভীৰ হৃদয়তা। ৰেখাৰ পিতৃ ভানু গণেশনৰ সৈতে কেনে সম্পর্ক আছিল লতাৰ?
কিংবদন্তী গায়িকাগৰাকীয়ে মৃত্যুৰ পাছত বলীউডৰ সংবাদ মাধ্যমে বিভিন্ন দিশত চকু দিছে। শিবাজী গণেশনে নিজৰ দুমহলীয়া ঘৰৰ ভিতৰত সুকীয়াকৈ বাংলো তৈয়াৰ কৰি থৈছিল কেৱল লতাৰ বাবে। যিমানবাৰ চেন্নাইলৈ গৈছিল লতাই প্ৰতিবাৰে তাতেই থাকিছিল তেওঁ।
শিবাজী-লতাৰ কি সম্পৰ্ক? সেই ৰহস্য ভেদ কৰিছে প্রয়াত অভিনেতাগৰাকীৰ পুত্ৰ প্রভুৱে। এক সাক্ষাৎকাৰত তেওঁ জনাইছে, এটা সময়ৰ পাছত মংগেশকাৰ আৰু গণেশন পৰিয়ালৰ মাজত আত্মীয়তাৰ বন্ধন গঢ়ি উঠিছিল। লতা আৰু তেওঁলোকৰ আটাইবোৰ ভাই-ভনীয়েই দেউতাকক ‘ভাই’সম্বোধন কৰিছিল বুলি জনাইছে প্ৰভূৱে। প্রতি বছৰে দীপাৱলীৰ পূৰ্বে মংগেশকাৰৰ পৰিয়ালৰ পৰা উপহাৰ আহিছিল গনেশন পৰিয়াললৈ। ইপিনে, গণেশন পৰিয়ালৰ পৰাও একেধৰণেৰে উপহাৰ গৈছিল।
সেই সূত্রে ভনীয়েকৰ বাবে নিজৰ ঘৰতেই সুকীয়াকৈ থকাৰ ব্যৱস্থা কৰিছিল শিবাজীয়ে। লতাই হোটেলত থাকিব পৰা নাছিল। বাহিৰৰ খাদ্যও খোৱা নাছিল। এই কথা জানি পাছত অভিনেতাৰ পত্নীয়ে নিজ হাতে গায়িকাৰ বাবে ৰান্ধি পঠিয়াইছিল।