মনত পেলাওক ১৯৬২ চনত কি ঘটিছিলঃ ৰাহুল গান্ধীক কটাক্ষ শাৰদ পাৱাৰৰ
নিয়মীয়া বাৰ্তা, ২৯ জুনঃ ৰাষ্ট্রীয় স্বার্থজনিত লাডাখক লৈ ৰাজনীতিকৰণ উচিত নহয় বুলি কংগ্রেছৰ প্রাক্তন সভাপতি ৰাহুল গান্ধীক কটাক্ষ কৰিছে এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰে৷ লাডাখত ভাৰত–চীনৰ সংঘাতৰ পৰিস্থিতিক লৈ ৰাজনীতি নকৰিবলৈ একপ্রকাৰ সকীয়াই দি এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰে কয় যে ১৯৬২ চনৰ চীন–ভাৰতৰ যুদ্ধৰ সময়ত কি ঘটিছিল, সেয়া মনত পেলাওক৷
সেই সময়ত চীনে ভাৰতীয় ভূমিখণ্ডৰ ৪৫ হাজাৰ বর্গকিলোমিটাৰ দখল কৰিছিল৷ কাৰোবাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ পূর্বে অতীতৰ ঘটনাক যুকিয়াই চাব লাগে বুলি ৰাহুল গান্ধীক কটাক্ষ কৰে এনচিপিৰ মুৰব্বীগৰাকীয়ে৷ তাৎপর্যপূর্ণ যে এনচিপি আৰু কংগ্রেছ সহযোগী দল হিচাপে মহাৰাষ্ট্রত ৰাজনীতি কৰি আছে৷