নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ ভাৰতৰ গণতন্ত্ৰ দিৱসৰ পেৰেড কেৱল দেশৰ ভিতৰতেই নহয় সমগ্ৰ বিশ্বতে জনপ্ৰিয়। কিন্তু এই বছৰ এই দিনটো পূৰ্বতকৈ অধিক বিশেষ হ’বলৈ গৈ আছে। ২৬ জানুৱাৰীত স্বাধীনতাৰ অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav) উদযাপনৰ অংশ হিচাপে ৭৫ খন যুঁজাৰু বিমান আকাশমাৰ্গত উৰা মাৰিব। এয়া ৰাজপথত অনুষ্ঠিত হোৱা এতিয়ালৈকে সৰ্ববৃহৎ ফ্লাইপাষ্ট হ’ব।
পাঁচখন ৰাফেল যুঁজাৰু বিমানে নিজৰ যুদ্ধকৌশলৰ লগতে শক্তি প্ৰদৰ্শন কৰিব। প্ৰথমবাৰৰ বাবে নৌসেনাৰ MiG29K আৰু P8I যুঁজাৰু বিমানেও এই পেৰেডত অংশগ্ৰহণ কৰিব। ইয়াৰোপৰি ১৭ খন জাগুৱাৰ বিমানে অমৃত মহোৎসৱৰ ৭৫ তম বছৰক আকৃতি বনোৱা আকাশত দেখা যাব।