অৱশেষত ৰিয়া চক্ৰৱৰ্তীৰ হাতত হাতকেৰেয়া, দিনৰ ৩.২৯ বজাত গ্ৰেপ্তাৰ এন চি বিৰ
নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰঃ অৱশেষত হাতকেৰেয়া লগোৱা হ’ল অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক। সুশান্ত সিং ৰাজপুতৰ মৃত্যুত তেওঁৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীৰ হাত থকাৰ সন্দেহত বিহাৰত ৰুজু হোৱা গোচৰৰ পিছতে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে বলিবলৈ ধৰা বতাহ আজি যেন সাময়িকভাৱে শাম কাটিলে।
চিবিআয়ে সুশান্তৰ মৃত্যুৰ তদন্ত চলোৱাৰ পিছতে সুশান্তৰ মৃত্যুৰে মাদক দ্ৰব্য ড্ৰাগছৰ সম্পৰ্কৰ বিষয়টো ওলাই পৰে। তেতিয়াই নাৰ্ক’টিকছ কণ্ট্ৰোল ব্যুৰ’ বিভাগো সোমাই পৰে এই তদন্তত। অৱশেষত বহুদিন ধৰি চলি থকা সোধা-পোছাৰ অন্তত আজি দিনৰ ৩.২৯ বজাত এন চি বিয়ে গ্ৰেপ্তাৰ কৰে ৰিয়াক।
গ্ৰেপ্তাৰৰ পিছতেই ৰিয়াক স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়া হ’ব, তাত অভিনেত্ৰীগৰাকীৰ ক’ৰোনা পৰীক্ষাও কৰা হ’ব। উল্লেখ্য এন চি বিয়ে আজি ৰিয়াক ইতিমধ্যে সংস্থাটোৰ জিম্মাত থকা ৰিয়াৰ ভাতৃ সৌভিক আৰু সুশান্তৰ মেনেজাৰ মিৰাণ্ডাৰ লগত একেলগে বহুৱাই সোধা-পোছা কৰিছিল আৰু পিছত ৰিয়াক গ্ৰেপ্তাৰ কৰা হয়।