নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৰালাৰ স্থানীয় নিকায়ৰ নির্বাচনত ক’ভিডৰ বিৰুদ্ধে সজাগতা সৃষ্টি ৰবটৰ

নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ  কেৰালাৰ স্থানীয় নিকায়ৰ নির্বাচনত ক’ভিড–১৯ৰ সজাগতা সৃষ্টিৰ বাবে ভোটকেন্দ্রৰ বাহিৰত ব্যৱহাৰ কৰা হৈছে ৰবট৷ ৰবটে ভোটাৰসকলক কেন্দ্রত উপস্থিত হোৱাৰ লগে লগে শুভেচ্ছা জ্ঞাপন কৰাৰ উপৰি শৰীৰৰ তাপমাত্রা পৰীক্ষা কৰিছে৷ ইয়াৰ উপৰি ছেনিটাইজাৰ ব্যৱহাৰ কৰি ভোটাৰসকলক সামাজিক দূৰত্ব বজাই ৰাখিবলৈও আহ্বান জনাইছে ৰবটে৷

লগে লগে ৰাজ্যখনৰ স্থানীয় নিকায়ৰ নির্বাচনত ৰবটৰ এই ক’ভিড সজাগতাক গুৰুত্ব প্রদান কৰিছে ভোটদাতাসকলে৷ এর্নাকুলাম কমিউনিটী হলত ৰবটে এনেদৰে ভোটাৰক মহামাৰীৰ পৰা সজাগ কৰা বিষয়ক লৈ দেশৰ সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷ স্মর্তব্য যে ক’ভিড সংক্রমণ প্রতিৰোধৰ ক্ষেত্রত দেশৰ ভিতৰতে অধিক বিজ্ঞানসন্মত ব্যৱস্থা গ্রহণ কৰি আহিছে কেৰালা চৰকাৰে৷

You might also like