নিয়মীয়া বাৰ্তা, ২৯ জুনঃ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ৰাষ্ট্রপতি নির্বাচনৰ প্রচাৰত গীত ব্যৱহাৰ কৰাৰ বাবে আইনী ব্যৱস্থা গ্রহণৰ সকীয়নি দিছে ৰ’লিং ষ্টনে৷ ৰ’লিং ষ্টনৰ আইনী পৰামর্শদাতাৰ বিবৃতিযোগে প্রকাশ কৰা মতে, ওকলাহামাৰ ওলছাৰ নির্বাচনী সমাৱেশত ৰাষ্ট্রপতি ট্রাম্পে ৰ’লিং ষ্টনৰ ‘ইউ কেননট অলৱেজ গেট হোৱাট ইউ ৱাণ্ট’ শীর্ষক গীতটি ব্যৱহাৰ কৰিছে৷
এইক্ষেত্রত সংগীত বেণ্ডটোৱে ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক প্রতিনিধিত্ব নকৰে বুলি ২০১৬ চনতে টুইটযোগে প্রকাশ কৰাৰ পিছতো কিয় ৰাষ্ট্রপতি ট্রাম্পে গীতটো ব্যৱহাৰ কৰিছে তাক লৈ ক্ষোভ উজাৰিছে৷ বিবৃতিত ৰ’লিং ষ্টনৰ আইনী পৰামর্শদাতাই অকর্তৃত্বশীলভাৱে ৰাষ্ট্রপতি ট্রাম্পে প্রচাৰ অভিযানত গীতটো ব্যৱহাৰ কৰি আইন ভংগ কৰিছে৷
এইবাবেই ৰ’লিং ষ্টনে ৰাষ্ট্রপতি ট্রাম্পৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰিব৷ পৰৱর্তী প্রচাৰ অভিযানত গীতটো ব্যৱহাৰ নকৰিবলৈও সংগীত বেণ্ডটোৱে কঠোৰ ভাষাৰে সকীয়াই দিছে৷ তাৎপর্যপূর্ণ যে এই প্রচাৰ অভিযানত সামাজিক দূৰত্বক ভেঙুচালি কৰি ট্রাম্প বিতর্কৰ মাজত সোমাই পৰিছে৷