নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ জুলাইৰ পৰা বলৱৎ এছবিআইৰ ধন উলিওৱাৰ নতুন নিয়ম

নিয়মীয়া বাৰ্তা ২৬ জুনঃ  ভাৰতীয় ষ্টেট বেংক চমুকৈ এছ বি আয়ে বেছিক ছেভিংছ বেংক ডিপ’জিট (বি এছ বি অ’) একাউণ্টৰ গৰাকীৰ বাবে অহা ১ জুলাইৰ পৰা নতুন নিয়ম বলৱৎ কৰিব৷ এই একাউণ্টৰ গৰাকীয়ে ধন উলিওৱাৰ ক্ষেত্রত সংশোধিত নতুন নিয়ম অনুসৰি গ্রাহকগৰাকীয়ে মাহত চাৰিবাৰ বিনামূলীয়াকৈ ধন উলিয়াব পাৰিব৷ বেংক একাউণ্ট থকা শাখা তথা এ টি এমৰ পৰা গ্রাহকজনে মাহত চাৰিবাৰ বিনামূলীয়াকৈ নগদ ধন উলিয়াব পাৰিব৷ ইয়াৰ পিছত পৰৱর্তী ধন একাউণ্ট থকা শাখা বা এ টি এমৰ পৰা উলিয়ালে প্রতিবাৰতে ১৫ টকাৰ লগতে জি এছ টি ভৰিব লাগিব৷ তেনেদৰে আন বেংকৰ এ টি এমৰ পৰা ধন উলিয়ালে জি এছ টি আৰু ১৫ টকা ভৰিব লাগিব৷ আনপিনে চেকবুকৰ ক্ষেত্রতো নতুন সংশোধিত নিয়ম বলৱৎ হ’ব৷ এজন গ্রাহকে এটা বিত্তীয় বর্ষত বিনামূলীয়াকৈ চেকবুকৰ ১০খন ব্যৱহাৰ কৰিব পাৰিব৷ পৰৱর্তী ১০খন ব্যৱহাৰত গ্রাহকে ৪০ টকা আৰু জি এছ টি ভৰিব লাগিব৷ পাছলৈ ২৫খন ব্যৱহাৰত গ্রাহকে ৭৫ টকা আৰু জি এছ টি ভৰিব লাগিব৷ জৰুৰীকালীন চেকবুকৰ ক্ষেত্রত ১০খন অথবা পাছলৈ ৫০ টকা আৰু জি এছ টি ভৰিব লাগিব৷

You might also like